
ডিজিটেল ডেস্কঃ নিউ গুৱাহাটী আঞ্চলিক সাৰ্ব্বজনীন দুৰ্গা পূজা মঞ্চত বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় দুৰ্গা পূজা উপলক্ষে প্ৰকাশ কৰা নৱম সংখ্যাৰ স্মৃতিগ্ৰন্থ। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখিকা তথা ওপন্যাসিকা লীনা শৰ্মা, প্ৰাক্তন ভাৰতীয় প্ৰকাশনিক সেৱাৰ বিষয়া এম জি ভি কে ভানু, বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্যকে ধৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তিসকল। সভাৰ আৰম্ভণিতে স্থানীয় মহিলাসকলে পৰিদৰ্শন কৰে এক সমবেত সংগীত।
তাৰপাছতেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট অতিথি ক্ৰমে- লীনা শৰ্মা, পৰাগমণি আদিত্য, এম জি ভি কে ভানু, প্ৰকাশ মহন্তকে ধৰি উপস্থিত সকলে।
এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লেখিকা লীনা শৰ্মাই এক তত্ত্বগধূৰ ভাষণ আগবঢ়ায়। দুৰ্গা পূজা আৰু শৰতক লৈ তেখেতে দিয়া এই সাৰগৰ্ভ ভাষণে সকলোকে মোহিত কৰে। ইফালে অনুষ্ঠানত অংশ লৈ অসম চৰকাৰৰ একালৰ উচ্চপদস্থ বিষয়া এম জি ভি কে ভানুৱে উদ্যোক্তাসকলৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে দুৰ্গা পূজা সন্দৰ্ভতো তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে।
আনহাতে বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্যও দুৰ্গা পূজাৰ প্ৰাসংগিকতা আৰু আন কিছু দিশ সাঙুৰি ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে, মহানগৰীৰ জাকজমকতাৰ পূজাৰ বিপৰীতে পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসক মূল আধাৰ ৰূপে লৈ এই পূজা অতি শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰি অহা হৈছে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।
এইবাৰ নৱম সংখ্যাৰ স্মৃতিগ্ৰন্থখনো আটোম টোকাৰিকৈ প্ৰকাশ কৰা হৈছে। এই স্মৃতিগ্ৰন্থৰ সম্পাদনাৰ দায়িত্বত আছে বাবুল চৌধুৰী। সভাপতিৰ দায়িত্বত আছে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত। সম্পাদনা সমিতিৰ আন বিষয়ববীয়া সকল ক্ৰমে- উপদেষ্টা ডাঃ নাৰায়ণ শৰ্মা, সহযোগী সম্পাদক সঞ্জীৱ ফুকন, অপৰাজিতা বৰা আৰু ত্ৰিদিৱ বৰপূজাৰী। স্মৃতিগ্ৰন্থখনৰ বেতুপাট চম্পক বৰবৰাৰ। ৭৪ পৃষ্ঠাৰ এই স্মৃতিগ্ৰন্থৰ অন্তত যথেষ্ট কেইটা নিৰ্বাচিত আৰু লেখাক স্থান দিয়া হৈছে। স্মৃতিগ্ৰন্থত 'অসমৰ দুৰ্গা পূজাৰ প্ৰচলন' শীৰ্ষক এক বিশেষ লেখা লিখিছে বৈকুন্ঠ নাথ গোস্বামীয়ে। স্মৃতি গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানতিত সম্পাদনা সমিতিৰ সভাপতি প্ৰকাশ মহন্তই এইদৰে কয়-
ৰাজ্যৰ কেবাগৰাকীও বিশিষ্ট চিন্তাবিদ, লিখক-সাহিত্যিকৰ মূল্যবান লেখাৰে সমৃদ্ধি এই স্মৃতিগ্ৰন্থখন। বিশিষ্ট চিন্তাবিদ শশী শৰ্মাই 'শাৰদীয় দুৰ্গাপূজা আৰু শক্তিৰ অধিস্থাত্ৰী দেৱী' শীৰ্ষক এক মূল্যবান লেখা সন্নিবিষ্ট হৈছে এই স্মৃতিগ্ৰন্থত। য'ত কম কথাৰ ভিতৰতে শাৰদীয় পূজাৰ মহত্ব যুক্তি আৰু চিন্তাশীল চেতনাৰ মাজত এক বিজ্ঞান মানসিকতাৰ অৱলোকন আছে।
প্ৰবীন সাংবাদিক তথা অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, বিশিষ্ট চিন্তাবিদ শিৱনাথ বৰ্মন, ড০ লালন প্ৰসাদ ঠাকুৰীয়া, কিশোৰ কলিতাকে ধৰি যথেষ্ট উচ্চ পৰ্যায়ৰ লেখাৰে সমৃদ্ধি হৈছে এই স্মৃতিগ্ৰন্থ।
কবিতাৰ শিতানতো ৰবীন্দ্ৰ বৰা, নন্দ সিং বৰকলা, ড০ পূৰ্ণ ভট্টাচাৰ্য, কৌস্তৱ মণি শইকীয়া আদি প্ৰতিষ্ঠিত কবিৰ কবিতা সমৃদ্ধি কৰা হৈছে এই স্মৃতিগ্ৰন্থত। তৰুণ প্ৰজন্মৰ বহু লিখকৰ লিখনিও স্থান পাইছে এই স্মৃতিগ্ৰন্থত। শিশুসকলৰ বাবেও ৰখা হৈছে এক বিশেষ শিতান।
লক্ষণীয় যে, এই স্মৃতিগ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে পূৰ্ব বছৰৰ পূজা উদযাপন সমিতিয়ে আয় ব্যয় কৰা সকলো হিচাপৰ খতিয়ান। নিঃসন্দেহে ৰাজ্যত যথেষ্ট পূজা উদযাপন কৰা হয় যদিও, পূজা আৰু ইয়াৰ সামগ্ৰিক মূল্যয়নৰ বাবে এনে ধৰণৰ উচ্চ মানৰ স্মৃতিগ্ৰন্থ প্ৰকাশত সাধাৰণতে কোনো গুৰুত্ব নিদিয়ে। এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম নিউ গুৱাহাটী আঞ্চলিক সাৰ্ব্বজনীন দুৰ্গা পূজা সমিতিৰ এই স্মৃতিগ্ৰন্থ। পূজা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক শ্যামন্ত দাসে এই উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে। ইফালে, ২০৩১লৈ দুৰ্গা পূজাত দেৱীৰ প্ৰতিমা দান কৰিবলগীয়া দাতাসকলৰ নাম স্মৃতিগ্ৰন্থখনত উল্লেখ আছে।