মহানগৰীত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ বৈঠক : মণিপুৰৰ হিসাংত্মক ঘটনাত নিহতৰ পৰিয়ালক ১০ লাখকৈ ক্ষতিপূৰণ...

মহানগৰীত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ বৈঠক : মণিপুৰৰ হিসাংত্মক ঘটনাত নিহতৰ পৰিয়ালক ১০ লাখকৈ ক্ষতিপূৰণ...

author-image
Asomiya Pratidin
New Update
মহানগৰীত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ বৈঠক : মণিপুৰৰ হিসাংত্মক ঘটনাত নিহতৰ পৰিয়ালক ১০ লাখকৈ ক্ষতিপূৰণ...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মহানগৰীৰ খানাপাৰাত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে সম্বোধন কৰে এক সংবাদমেল। উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সংঘটিত হৈ থকা কেইবাটাও বিক্ষিপ্ত ঘটনাৰ গোচৰ সন্দৰ্ভত দুদিনীয়া বৈঠক আৰু শুনানি গ্ৰহণৰ অন্তত সম্বোধন কৰা হয় এই সংবাদমেল।

Advertisment

এই সংবাদমেলত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে জনাই যে, অসমত চলা এনকাউণ্টাৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক প্ৰতিবেদন দাখিল কৰিব লাগিব আৰক্ষী সঞ্চালক প্ৰধানে। অসমত এতিয়ালৈকে ৪০ৰো অধিক ভুৱা এনকাউণ্টাৰৰ গোচৰ ৰুজু হৈছে বুলি আয়োগে জনায়।

মণিপুৰত সংঘটিত হোৱা অমানবীয় আৰু মানৱ অধিকাৰ উলংঘা হোৱা ঘটনা সন্দৰ্ভতো শুনানি গ্ৰহণ কৰা হয় এই বৈঠকত। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ বিশেষ নিৰ্দেশ প্ৰদান কৰে আয়োগে। মণিপুৰৰ হিংসাত্মক ঘটনাত নিহত হোৱা লোকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব মণিপুৰ চৰকাৰে। লগতে যিসকলৰ বাসগৃহ জ্বলাই দিয়া হৈছিল তেওঁলোককো ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে মানৱ অধিকাৰ আয়োগে।

জিৰিবাম-ইম্ফল সংযোগী নিৰ্মাণৰত অৱস্থাত হোৱা দুৰ্ঘটনাত মৃত্যু হৈছিল মুঠ ৫৭ জন লোকৰ। এই দুৰ্ঘটনাৰ বাবে উত্তৰ-পূৱ ৰেলৱেক দোষাৰোপ কৰে মানৱ অধিকাৰ আয়োগে।

ইয়াৰ উপৰি অৰুণাচল চৰকাৰক অৰুণাচল প্ৰদেশৰ ১০৮টা চাকন্না আৰু হাজং পৰিয়ালক ভূমি প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে আয়োগে।

উল্লেখ্য যে, মানৱ অধিকাৰ আয়োগে মিমাংসাৰ বাবে মুঠ ৫৬টা গোচৰ লৈছিল মুকলি শুনানিত। উক্ত গোচৰসমূহৰ বাবে উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য চৰকাৰসমূহক মুঠ ৩ কোটি ৫৫ লাখ ৫ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে।

শুকুৰবাৰে অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এই বৈঠকত আয়োগৰ বিষয়ববীয়াসকলৰ সৈতে উপস্থিত থাকে উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান।

National Human Rights Commission of India