/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/deaf-and-dumb-school-news-goroimari-thief-main-face.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ সোমবাৰে নাৰায়ণ সেৱাৰ এটা দল উপস্থিত হয় গুৱাহাটীৰ কাহিলিপাৰাস্থিত চৰকাৰী ভাউৰী দেৱ চেৰাউগী মূক-বধিৰ বিদ্যালয়ত। বিদ্যালয়খনত আছে প্ৰায় ৪৫০জন ছাত্ৰ-ছাত্ৰী। ইয়াৰে ২৫০জন ছাত্ৰ-ছাত্ৰী হোষ্টেলত বাস কৰে বুলি জানিব পৰা গৈছে।
ইফালে, দেওবাৰে শ্ৰী সত্য ছাই সেৱা অৰ্গেনাইজেশ্যন চমুকৈ এছএছএছএছঅ' গুৱাহাটীৰ ১২ জনীয়া এই দল উপস্থিত হৈছিল বিদ্যালয়খনত। এই অৰ্গেনাইজেশ্যনটোৱে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক প্ৰদান কৰিছিল শুকান ৰেচন। কোভিড সৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়খনত বাহিৰৰ পৰা তৈয়াৰ কৰি অনা খাদ্যৰ পৰিৱৰ্তে ৰেচন দিবলৈহে অনুমতি প্ৰদান কৰা হয়।
নাৰায়ণ সেৱাৰ দলটোৱে বিদ্যালয়খনত উপস্থিত হৈ কি কি দেখিলে সেই সন্দৰ্ভত কয় যে, বিদ্যালয়খনৰ পৰিৱেশ-পৰিস্থিতি অতিকৈ পৰিষ্কাৰ আৰু সুন্দৰ। সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থনা জনাই নিজৰ নিজৰ পৰম্পৰানুসৰি। এই ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ গৈ অতিকৈ আনন্দ আৰু সুখী বুলি সদৰী কৰে এই নাৰায়ণ সেৱাই। লগতে এই ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যৎ কামনা কৰে তেওঁলোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us