মিচিং অট'নমাছ কাউন্সিলৰ বিৰুদ্ধে নীতিবৰ্হিভূত ভাৱে কাম কৰাৰ অভিযোগ...

১০ বছৰে নীতিবৰ্হিভূত ভাৱে বিল,জলাশয়সমূহ টেণ্ডাৰ কৰি কৰ সংগ্ৰহ কৰি আহিছিল মিচিং অট'নমাছ কাউন্সিলে

author-image
Asomiya Pratidin
New Update
মিচিং অট'নমাছ কাউন্সিলৰ বিৰুদ্ধে নীতিবৰ্হিভূত ভাৱে কাম কৰাৰ অভিযোগ...

ডিজিটেল সংবাদ,গুৱাহাটীঃ অনুসূচীত জাতিৰ কেইবাটাও সংগঠনে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি মিচিং অট’নমাছ কাউন্সিলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। গুৱাহাটী প্ৰেছক্লাবত অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থা, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা আৰু অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দই আজি সংবাদমেলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

Advertisment

সংগঠনৰ অভিযোগ অনুসৰি, অসমৰ বিল, জলাশয়সমূহত টেণ্ডাৰ কৰি কৰ সংগ্ৰহ কৰাৰ অধিকাৰ কেৱল মীন বিভাগ আৰু ফিছ ফেডাৰৰ হে আছে। কোনো কাউন্সিলে মীন মহলত কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে। কিন্তু মিচিং অট'নমাছ কাউন্সিলে বিগত ১০ বছৰে আইন বৰ্হিভূতভাৱে বিল জলাশয়সমূহ টেণ্ডাৰ কৰি কৰ সংগ্ৰহ কৰি আহিছিল।

মিচিং অট'নমাছ কাউন্সিলে ১৯৫৩ চনৰ মীন আইন উলংঘা কৰি এই কাম কৰি আহিছিল বুলি সংগঠনকেইটাই অভিযোগ কৰে। কাউন্সিলৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰি অনুসূচীত জাতিৰ সংগঠন কেইটাই উচ্চ ন্যায়ালয়ৰ কাষ চপাত বিষয়টোত উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায় প্ৰদান কৰে।

এই সন্দৰ্ভত সংগঠনকেইটাই জানিবলৈ দি কয় যে, উচ্চ ন্যায়ালয়ে দিয়া ৰায় অনুসৰি অসমৰ বিল, জলাশয়ৰ পৰা কৰ সংগ্ৰহ কৰাৰ অধিকাৰ মিচিং অট’নমাছ কাউন্সিলৰ নাই। অসমৰ বিল, জলাশয়সমূহত টেণ্ডাৰ কৰি কৰ সংগ্ৰহ কৰাৰ অধিকাৰ কেৱল মীন বিভাগ আৰু ফিছ ফেডাৰৰ আছে।

লগতে কৰ সংগ্ৰহ কৰাৰ অধিকাৰ ১০০ শতাংশ অনুসূচীত জাতিৰ লোকেৰে গঠিত মীন সমবায় সমিতিৰ আছে। উচ্চ ন্যায়ালয়ৰ এই ৰায়দানক সংগঠন কেইটাই আদৰণি জনোৱাৰ কথা আজি সংবাদমেলত প্ৰকাশ কৰি মিচিং অট’নমাছ কাউন্সিলক উচ্চ ন্যায়ালৰ এই ৰায়ক মানি চলিবলৈ আহ্বান জনায়।

Also Read: SPMত হাঁহাকাৰঃ গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড...

missing autonomous council