কবি,সাংবাদিক মিলন মহন্তৰ কাব্যগ্ৰন্থ 'সূৰ্য ফুলাৰ গান'  উন্মোচন

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাট মাহিলী বৈঠকীৰ উদ্যোগত আমৰাঙ্গা-বৰিহাটস্থিত শিক্ষক ভৱনত শনিবাৰে প্ৰগতিশীল কবি,সাংবাদিক মিলন মহন্তৰ জুবিন গাৰ্গকলৈ লেখা কাব্যগ্ৰন্থ 'সূৰ্য ফুলাৰ গান' উন্মোচন কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 11-1g

ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাট মাহিলী বৈঠকীৰ উদ্যোগত আমৰাঙ্গা-বৰিহাটস্থিত শিক্ষক ভৱনত শনিবাৰে প্ৰগতিশীল কবি,সাংবাদিক মিলন মহন্তৰ জুবিন গাৰ্গকলৈ লেখা কাব্যগ্ৰন্থ 'সূৰ্য ফুলাৰ গান' উন্মোচন কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে লেখা কেইবাটাও কবিতাৰ সংকলিত ৰূপৰ এই সংকলনটো উন্মোচন কৰে বিশিষ্ট লেখক,শিক্ষাবিদ ড° হাফিজ আহমেদে। 

WhatsApp Image 2026-03-01 at 5.17.13 PM (1)

ড° হাফিজ আহমেদে কাব্যপুথিখন উন্মোচন কৰি সমাজ ৰাজনীতিৰ বিভিন্ন দিশক ব্যংগাত্মকভাবে তুলি ধৰা মিলন মহন্তৰ এই কবিতাকেইটাই জুবিন গাৰ্গৰ অবৰ্তমানৰ ঘটনাৰ লগত জড়িত বহুখিনি কথা স্পষ্টভাবে উল্লেখ কৰিছে। সামাজিক অৰাজকতাৰ পৰা কবিমনত উদ্ভৱ হোৱা প্ৰচণ্ড খং ,অভিমানে কবিতাৰ সৃষ্টিত বিশেষ অৰিহনা যোগাইছে। সেয়েহে খঙ অবিহনে কোনো কবিয়ে সমসাময়িকতাক বিচাৰ কৰিব নোৱাৰে। লগতে তেওঁ কয় যে- সকলো ধৰণৰ সামাজিক অস্থিৰতাই কবিকণ্ঠ দৃঢ় কৰি তুলিছে বুলি কয়। 

WhatsApp Image 2026-03-01 at 5.17.13 PM

এই কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাৰ ইংৰাজী বিভাগৰ অধ্যাপক,সমালোচক ডালিম দাসে বিশ্ব সাহিত্যৰ প্ৰসংগত কবিতাৰ সামাজিক তাৎপৰ্যৰ কথাও উল্লেখ কৰে।কেইবাটাও উল্লেখযোগ্য সৃষ্টি বিশেষকৈ প্ৰতিবাদী কণ্ঠৰ বাবে মিলন মহন্ত দক্ষিণ কামৰূপৰে ভিতৰত এজন শক্তিশালী কবি আৰু অসমৰ এগৰাকী উদীয়মান কবি বুলি উল্লেখ কৰে। 

প্ৰণিধানযোগ্য যে- ধ্ৰুৱজোতি দাসে আঁত ধৰা এই কাৰ্যসূচীত লগতে পলাশবাৰী প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি দীপক কুমাৰ মালীয়ে মাহিলী বৈঠকীৰ লগতে কবি,সাংবাদিক মিলন মহন্তৰ শলাগ লয়।কাৰ্যসূচীত নাট্যকৰ্মী,লেখক বলেন চৌধুৰীয়ে অংশগ্ৰহণ কৰি মিলন মহন্ত কবিতাৰ জনগণৰ লগত থকা সম্পৰ্কৰ বিষয়ত ভাষণ প্ৰদান কৰে। তেওঁ কয়-সমাজখন ভালদৰে দেখিলেহে এগৰাকী কবিয়ে কবিতাৰ মাজেৰে শোষণ বঞ্চনাৰ প্ৰতিবাদ কৰি যাব পাৰে। কাৰ্যসূচীত শিল্পী আনন্দ দাস,কবি প্ৰসেনজিত কলিতা,আবৃত্তিকাৰ ৰুণু বৰ্মণ,মামণি কলিতা,বিপুল কুমাৰ দাস,কল্প কলিতা,গকুল বৰুৱা,অনন্ত কলিতা,জিতেন দাস,দিপাংকৰ দাস,ভাৰ্গৱ দাস,জাহ্নৱী ৰাভাৰ উপৰি মিলন মহন্তই ভাষণ,গীত মাত,কবিতা আবৃত্তি পৰিৱেশন কৰে।

WhatsApp Image 2026-03-01 at 5.17.14 PM

মিৰ্জা