/asomiyapratidin/media/media_files/2026/02/26/whatsapp-imag-2026-02-26-19-01-59.jpeg)
ডিজিটেল সংবাদ,মিৰ্জাঃ এনচিটিইৰ স্বীকৃতিপ্ৰাপ্ত মির্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ২০২৪-২৬ বৰ্ষৰ অৰিয়েণ্টেচন কাৰ্যসূচীৰ সম্পন্ন হয়। এই উপলক্ষে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা অসমৰ প্রাক্তন শিক্ষামন্ত্রী যতীন মালীৰ সভাপতিত্বত বঁটা বিতৰণি সভা অনুষ্ঠিত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-202-2026-02-26-18-59-52.jpeg)
আৰম্ভণিতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে যতীন মালীয়ে। পাছত এই সভাৰ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যাপক ভৱেন মহন্তই। তেওঁ মহাবিদ্যালয়খন প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ নেতৃত্বত প্ৰাণ পাই উঠে বুলি উল্লেখ কৰে। এই মহাবিদ্যালয়খনত অসমৰ বিভিন্ন প্ৰান্তৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি নিজৰ প্ৰতিভা বিকাশৰ লগতে শিক্ষাখণ্ড বা আন কৰ্মক্ষেত্ৰত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয়।
সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰি দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ফনীন্দ্ৰ ঠাকুৰীয়াই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ কৃতীত্বৰ শলাগ লয়। তেওঁ কয় যে -এখন শিক্ষানুষ্ঠান হ'ল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ মাপকাঠি।সভাপতিৰ আসনৰ পৰা যতীন মালীয়ে কয়-শিক্ষানুষ্ঠান এখন পবিত্ৰ ঠাই। ইয়াৰ সৃষ্টিহে কৰিব লাগে। আমি এসময়ত গঢ়া এই মিৰ্জাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি নিজক মানুহ কৰিবলৈ সক্ষম হৈছে। শিক্ষাই জীৱনৰ পৰিপূৰ্ণতা আনে। আমাৰ এই শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আছে আৰু থাকিব। এই শিক্ষানুষ্ঠানত সকলোৰে সহায়-সহযোগ তেওঁ কামনা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-imag-2026-02-26-19-00-28.jpeg)
তেওঁ উল্লেখ কৰে যে- এই শিক্ষানুষ্ঠানখনত শৈক্ষিক অগ্ৰগতি হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট ফৰ কমপ্লিয়েন্সৰ অনুমোদন চিডিচিৰ পৰা এই মহাবিদ্যালয়খনে লাভ কৰে। পূৰ্ণাংগ ৰূপত এই মহাবিদ্যালয়খনত পৰিচালনা সমিতি এখন আছে। ইয়াত ছয় গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী লোক আছে। এজন অধ্যক্ষ আৰু পোন্ধৰ গৰাকী অধ্যাপক আছে। পাঠদানকাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশনামতে চলাই নহয়,পৰীক্ষা সুচাৰুৰূপে চলি আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশনাৰ ভিত্তিত সাত গৰাকী নমিনীয়ে ইতিমধ্যে শিক্ষকৰ লিখিত পৰীক্ষা গ্ৰহণ কৰে। এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অধ্যক্ষ বি পাত্ৰকে ধৰি কেইবাজনো বিশিষ্ট লোক,ছাত্ৰ ছাত্ৰী,শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আৰম্ভণিতেই অধ্যাপক ভৱেন মহন্তৰ পৰিচালনাত এটি জ্যোতি সংগীত পৰিবেশন কৰা হয়। শেষত মহাবিদ্যালয়খনৰ বিভিন্ন দিশত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-imag-2026-02-26-19-00-51.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us