/asomiyapratidin/media/media_files/2026/02/02/1-2026-02-02-23-16-31.jpg)
ডিজিটেল সংবাদ,মিৰ্জাঃ জ্ঞানপীঠ বঁটা বিজয়িনী,নীলকণ্ঠী ব্ৰজৰ স্ৰষ্টা,ৰামায়ণী সাহিত্যৰ গৱেষক,মানৱদৰদী লেখিকা মামণি ৰয়ছম গোস্বামী ড°ইন্দিৰা গোস্বামীৰ সপোনৰ চিকিৎসালয় উমাকান্ত আৰু চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আমৰাঙ্গা-বৰিহাটত নিশাৰ ভাগত পাবলৈ নাই চিকিৎসক। এই চিকিৎসালয়খন বৰ্তমান জহি-খহি যাবলৈ ধৰিছে যদিও কাণসাৰ নাই চৰকাৰ তথা স্বাস্থ্য বিভাগৰ। ৰাইজ তথা এই চিকিৎসালয়খনৰ পৰিচালনা সমিতিয়ে স্বাস্থ্য বিভাগত আৱেদন নিবেদন কৰিও কোনো কামত অহা নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/02/whatsapp-image-2-2026-02-02-23-16-52.jpeg)
যাৰ বাবে ভুক্তভোগী ৰাইজ বিপাঙত পৰিছে।উল্লেখ্য যে, সাহিত্যিক গৰাকীয়ে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত তেওঁৰ জন্মস্থান আমৰাঙ্গা বৰিহাটত শৈশৱতে জগলীয়া নৈৰ পাৰৰ আশে পাশে উপন্যাসৰ বাবে সমল বিচাৰি থাকোতেই এদিন এজোপা গছৰ তলত এগৰাকী কুষ্ঠ ৰোগীক দেখি দুঃখিত হয়। এই ঘটনাৰ বাবেই আমৰাঙ্গা বৰিহাটত এখন চিকিৎসালয় নিৰ্মাণৰ সপোন মনত পুঁহি ৰাখিছিল। এই সপোন পূৰণৰ বাবে তেওঁৰ হাতত ধন নাছিল। কিন্তু বহু কষ্টৰ অন্তত নেদাৰলেণ্ড চৰকাৰৰ পৰা লাভ কৰা বঁটাৰ ধনেৰে সাহিত্যিক গৰাকীয়ে অসম চৰকাৰৰ সহযোগত ১৯৫১ চনত স্থাপন কৰা আমৰাঙ্গা বৰিহাটৰ পূৰ্বৰ চিকিৎসালয়খনকে নতুনকৈ ৰূপ দিয়ে। পিতৃ আৰু খুৰাকৰ নামেৰে উমাকান্ত চন্দ্ৰকান্ত গোস্বামী প্রাথমিক স্বাস্থ্যকেন্দ্র আমৰাঙ্গা-বৰিহাটলৈ নামকৰণ কৰিছিল।
২০১০ বর্ষৰ এপ্ৰিল মাহত সাহিত্যিক গৰাকীৰ উপস্থিতিত তেতিয়াৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নতুন ভৱনটি মুকলি কৰি চিকিৎসালয়খনি ৩০ খন বিছনাযুক্ত চিজাৰিয়ান অপাৰেচনৰ সুবিধা থকা এখন আধুনিক চিকিৎসালয়লৈ উন্নতি সাধন কৰিব বুলি ঘোষণা দিছিল। সেই ৰাজহুৱা ঘোষণাৰ পাছত স্বাস্থ্যমন্ত্রী গৰাকী চিকিৎসালয়খনত উপস্থিত নহ'ল। বৰ্তমান চিকিৎসালয়খন সকলো পিনে ধ্বংসৰ দিশে গতি কৰিছে। উপযুক্ত চিকিৎসাকর্মী অবিহনে পূৰ্বতে নিশাৰ ভাগত প্ৰদান কৰা ২৪/৭ সেৱা আৰু প্ৰসৱকালীন সেৱা বন্ধ হয়। নিশাৰ ভাগত চিকিৎসালয়খনত চিকিৎসক পাবলৈ নাই। প্ৰথমে চনোগ্ৰাফীৰ ব্যৱস্থা কৰা হৈছিল যদিও আন ঠাইলৈ পাছত উঠাই নিয়ে।
পূৰ্বতে চিকিৎসালয়খনৰ পৰিচালনা সমিতিয়ে সামান্য পৰিতোষিক দি দুজনী মহিলাকো ৰাখিছিল যদিও নিশাৰ ভাগত চিকিৎসা নথকাৰ বাবে এই মহিলা দুগৰাকীকো নাৰাখিলে। জয়ন্ত দাস আৰু শুক্লেশ্বৰ দাস নামৰ দুজন কৰ্মচাৰীকো চিকিৎসালয় কৰ্তৃপক্ষই ৰাখি তেওঁলোকক ৰোগীৰ পৰা পোৱা মাচুলেৰে মাহিলী দুহাজাৰ টকা দি আহিছিল যদিও পূৰ্বৰ নিতৌ দুশ-আঢ়ৈশ ৰোগীৰ সলনি বৰ্তমান যথেষ্ট ৰোগীৰ সংখ্যা কমি যোৱাত এই দুইগৰাকী কৰ্মচাৰীক দিয়া সামান্য মাননিও পৰিশোধ কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/02/whatsapp-image-20-2026-02-02-23-17-15.jpeg)
ৰাজ্যৰ স্বাস্থ্য বিভাগটোৱে এই ঘটনাবোৰৰ প্ৰতি বাৰু কিবা প্ৰদক্ষেপ গ্ৰহণ কৰিব নে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। চিকিৎসালয়খনৰ হোৱা এই দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ৰাইজ তথা মামণি ৰয়ছম গোস্বামী স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত মিৰ্জা চানডুবি পথত ধৰ্ণা প্ৰতিবাদো গ্ৰহণ কৰিছিল। লগতে সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী,জিলা আয়ুক্ত,স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক,জিলা স্বাস্থ্য বিষয়া, বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়াকো কেইবাটাও দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও একো ফল নধৰিলে।
আনহাতে চিকিৎসালয়খনত ৰোগী অনুপাতে নাই পৰ্যাপ্ত ঔষধ। ব্যৱহাৰ নকৰাৰ ফলত পূৰ্বৰ আৱসগৃহ,সা-সৰঞ্জাম আদি জহি খহি যাব ধৰিছে। বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আছে মামণি ৰয়ছম গোস্বামীৰ সপোনৰ এই চিকিৎসালয়খন। ৰাইজৰো চিকিৎসালয়খনৰ প্ৰতি এক প্ৰকাৰ অনিহা অহা পৰিলক্ষিত হৈছে। এই চিকিৎসালয়খনৰ হোৱা দুৰৱস্থাৰ সমাধান কৰাৰ সলনি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰপৰা কেৱল ঢাক ঢোল বজাই চৰকাৰী ধনৰ শৰাধ কৰি চিকিৎসালয়খনত স্বাস্থ্য সেৱা উৎসৱ উদযাপন কৰাহে পৰিলক্ষিত হৈছে। পৰ্যাপ্ত চিকিৎসা আৰু ঔষধ নোপোৱা ৰাইজে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি মামণি ৰয়ছমৰ স্মৃতি জড়িত চিকিৎসালয়ৰে যদি এই অৱস্থা,তেন্তে পিচপৰা ঠাইৰ চিকিৎসালয়ৰ অৱস্থা কি হ'ব তাক সহজে কব পাৰি। এই চিকিৎসালয়ৰপৰা বঞ্চিত ৰোগীয়ে প্ৰায় আঠ-দহ কিঃমি দূৰত্বলৈকে হে চিকিৎসা বিচাৰি যাবলগীয়া হয়।
উল্লেখ যে, মামণি ৰয়ছম গোস্বামীৰ সপোনৰ এই চিকিৎসালয়ত যোৱা ২৯ নৱেম্বৰত মামণি ৰয়ছম গোস্বামীৰ স্মৃতিচাৰণ তথা স্মৃতিৰক্ষা সমিতি আমৰাঙ্গা-বৰিহাটৰ উদ্যোগত মামণি ৰয়ছমৰ মৃত্যু বার্ষিকী পালন কৰা হৈছিল। কিন্তু সাহিত্যিক গৰাকীৰ গুণানুকীৰ্তন কৰাৰ ওপৰি চিকিৎসালয়খনৰ দুৰৱস্থা,জগলীয়া নৈৰ অৱক্ষয়, জগলীয়াৰ কৃষিভূমিত চলা মহাপ্ৰতাপ সন্দৰ্ভত চৰকাৰক প্রদক্ষেপ গ্রহণ কৰিবলৈ হেচা দিব পাৰিলেহে এই দিৱস উদযাপনৰ অৰ্থ থাকিব বুলি ৰাইজে মত প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us