'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বাতৰিৰ প্ৰভাৱ

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ বাতৰিয়ে মৰ টোপনি  ভাঙিবলৈ সক্ষম হ’ল দক্ষিণ কামৰূপৰ প্ৰশাসনৰ ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ  আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে দক্ষিণ কামৰূপৰ একাংশ বিল,জলাশয়,খেলপথাৰ,বজাৰে ঘাটে,দলং আদিত দিনৰ পোহৰতেই একাংশ উদণ্ড যুৱক,সমাজ পৰিপন্থী কামত জড়িত লোক আৰু একাংশ সুৰা বেপাৰীৰ লগতে সুৰা সেৱনকাৰীৰ মুকলি আড্ডাই সামাজিক পৰিৱেশ অনিষ্ট কৰি তুলিছে। ৰাস্তা-ঘাট, খেলপথাৰ আদিত মুকলি সুৰা আৰু জুৱাৰ আড্ডাত ৰাইজ,পথচাৰী,পুৱা-গধূলি খেলপথাৰত অনুশীলন কৰিবলৈ অহা লোকক বিপাঙত পেলাইছে। আনকি জীৱন জীৱিকাক লৈ বিপৰ্যস্ত হোৱা একাংশ উদণ্ড তথা সুৰাপায়ী লোকে য'তে ত'তে বিলাতী সুৰাৰ বটল ভাঙি থোৱা,চুলাইৰ ধোৱা পেলাই ৰাইজ তথা সামাজিক পৰিৱেশ বিঘ্নিত কৰি তুলিছে। এনেবোৰ ঘটনাই সচেতন লোক,ৰাইজক,মাছমৰীয়া,খেলপথাৰত খেলপথাৰ খেলিবলৈ অহা খেলুৱৈসকললৈয়ো বিপদ কঢ়িয়াই আনিছে। কিন্তু কাণসাৰ নাই আৰক্ষী প্ৰশাসন,দল সংগঠন, তথা গাঁওপ্ৰধানক। 

WhatsApp Image 2026-01-29 at 7.03.09 PM (1)

এনে বিভিন্ন অভিযোগৰ  মাজতে পলাশবাৰী আৰক্ষী তথা বিজয়নগৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত দক্ষিণ কামৰূপৰ একমাত্ৰ আৰ্দ্ৰভূমি দৰাবিলৰ পাৰত একাংশ মদ বেপাৰী,সুৰাপায়ী,মুকলি জুৱাৰ আড্ডাই পৰিৱেশ বিঘ্নিত কৰি তুলিছে যদিও আৰক্ষী প্ৰশাসন তথা স্থানীয় বিধায়কৰ কাণসাৰ নাই। ৰাজনৈতিকভাৱে প্ৰভাৱশালী একাংশ লোক,ন্যস্তস্বাৰ্থজড়িত লোক, মাফিয়া,দালাল আদিৰ প্ৰতাপৰ বাবে নিতৌ দৰাবিলৰ পাৰৰ লগতে অঞ্চলটোৰ একাংশ ঠাইত এনে মদ-জুৱাৰ মুকলি আড্ডাই এক প্ৰকাৰ পৰিৱেশ তথা যুৱ প্ৰজন্মক ভয়াৱহতাৰ মাজলৈ ঠেলি দিছে । এই ঘটনাকলৈ অঞ্চলটোৰ পুৰুষ মহিলা,ছাত্ৰ ছাত্ৰী তথা সচেতন লোকে বহু বিপাঙত পৰিছে। এই ঘটনাৰ বাবেই উপায়হীন লোকে অঞ্চলটোত চলা সুৰা আৰু মুকলি জুৱাৰ আড্ডাৰ বিষয়ে সাংবাদিকক জনাই। লগে লগে তেওঁ আনকো জনাই এই খবৰ। এই সন্দৰ্ভত দৰাবিলত মদ জুৱা আড্ডাৰ বাতৰি প্ৰতিদিন ডিজিটেলত প্ৰকাশ পায়। 

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ বাতৰিয়ে মৰ টোপনি  ভাঙিবলৈ সক্ষম হ’ল দক্ষিণ কামৰূপৰ প্ৰশাসনৰ । এই বাতৰিৰ পাছতে  অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাই নহয়, একাংশ জুৱাৰী সুৰাপায়ী আৰু সুৰা ব্যৱসায়ী আৰু আৰক্ষী প্ৰশাসনৰ দৌৰা দৌৰি আৰম্ভ হয়। এই বাতৰিৰ প্ৰতিক্ৰিয়াৰ মাজতে মদ বেপাৰীয়ে আক্ৰমণ কৰিবলৈ যোৱাত হাত যোৰ কৰি প্ৰাণ ৰক্ষা পৰে এগৰাকী হকাৰ তথা সাংবাদিকৰ। ফলত এই ঘটনাই অঞ্চলটোত আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এইক্ষেত্ৰত  এই ব্যৱসায়ত জড়িত হৈ পৰা আকাশ,ৰাজু,বাটো আৰু কটাহকে ধৰি একাংশই এই ব্যৱসায়েৰে গ্ৰাম্য অঞ্চলটোৰ পৰিৱেশ বিঘ্নিত কৰি আহিছে। সেয়ে মদ বেপাৰী আৰু সুৰাপায়ী লোকৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ ৰাইজে আৰক্ষী প্ৰশাসনলৈ আহবান জনায়। ইতিমধ্যে আৰক্ষীয়ে এই বাতৰিৰ ভিত্তিত অঞ্চলটোত এক অভিযান চলাই কেইবাজনো সুৰাপায়ী আৰু জুৱাৰীক উত্তম-মধ্যম শোধোৱাৰ উপৰি মদ বেপাৰী আৰু জুৱাৰীক সকীয়নি প্ৰদান কৰে। গুৰুত্বপূৰ্ণ যে এইদৰে বাতৰি প্ৰকাশৰ দুদিনমান পাছত অঞ্চলটোত পৰিৱেশ পূৰ্বৰ তুলনাত সুস্থিৰ  হয় যদিও কেইদিনমান পাছত পুনৰ এনে পৰিৱেশৰ সৃষ্টি হয়।

মিৰ্জা