/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/869c709c-5b0f-493d-a2bc-af16fe6d9836/AP_FOR_WEB__workshop.jpg)
বোন্দা আঞ্চলিক হাই স্কুলত শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সন্দৰ্ভত কৰ্মশালা সম্পন্ন
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে যদিও আলোচনা কৰা হয় যদিও তেওঁলোকৰ মানসিক স্বাস্থ্যৰ দিশটোক বৰ বেছি গুৰুত্ব প্ৰদান কৰা নহয়। অথচ এই শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্যৰ দিশটোৰ গুৰুত্ব অপৰিসীম।
শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়েই সেয়ে আজি গুৱাহাটী মহানগৰীৰ কাষৰীয়া বোন্দাৰ বোন্দা আঞ্চলিক হাইস্কুলত শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যক মূল বিষয় হিচাপে লৈ 'মাইণ্ড মেটাৰ্ছ' শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয়। স্বেচ্ছাসেৱী সংস্থা 'ৰাহেইন'ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাত 'মটিভেচনেল স্পীকাৰ' তথা মানসিক স্বাস্থ্য বিশেষজ্ঞ মাইণ্ড পাৱাৰ ৱাছিম সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c49973ee-e8cd-4ee7-9478-f9ce4658368e/e87b06d7-d2a7-434e-9fcf-c67d78017112.jpg)
এই কৰ্মশালাত শিক্ষাৰ্থীসকলৰ মাজত মানসিক স্বাস্থ্য সন্দৰ্ভত বহু কেইটা বিষয়ত এক ধাৰণা দিয়াৰ লগতে মানসিক স্বাস্থ্য কিদৰে সৱল কৰি ৰাখিব পাৰি সেই বিষয়ে অৱগত কৰা হয়। সমল ব্যক্তি হিচাপে উপস্থিত থকা ৱাছিমে মানসিক স্বাস্থ্য সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ মনত থকা ভুল ধাৰণাসমূহ দূৰ কৰাৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতি অহা প্ৰত্যাহ্বানসমূহৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি আৰু মানসিক স্বাস্থ্য সৱল কৰি নিজকে অধিক আত্মবিশ্বাসী কৰি তুলিব পাৰে সেই সন্দৰ্ভত জ্ঞান প্ৰদান কৰে।
অন্তৰ্দৃষ্টিপূৰ্ণ দৃষ্টিভংগীৰ বাবে পৰিচিত মাইণ্ড পাৱাৰ ৱাছিমে শিক্ষাৰ্থীসকলৰ সৈতে অন্তৰংগ আলোচনা, শাৰীৰিক কছৰৎ আৰু ব্যৱহাৰিক কাৰ্যকলাপৰ জৰিয়তে শিক্ষাৰ্থীসকলক মানসিক স্বাস্থ্য সন্দৰ্ভত জ্ঞান দিবলৈ চেষ্টা কৰে। এই সময়ছোৱাত অতি যোগাত্মক পৰিবেশৰ সূচনা কৰি তেওঁ শিক্ষাৰ্থীসকলৰ চিন্তা, তেওঁলোকৰ মনত সৃষ্টি হোৱা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে।
কৰ্মশালাত শিক্ষাৰ্থীসকলক উদ্দেশ্যি মাইণ্ড পাৱাৰ ৱাছিমে কয়, মানুহৰ মন হৈছে এক শক্তিশালী সঁজুলি। উপলব্ধি হৈছে সামগ্ৰিক কল্যাণৰ মূল চাবিকাঠি। তেওঁ যুৱ প্ৰজন্মৰ স্থিতিস্থাপকতা, আৱেগিক বুদ্ধিমত্তা আৰু ইতিবাচক মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত এনেধৰণৰ মানসিক স্বাস্থ্যৰ সজাগতা আৰু কৰ্মশালাৰ প্ৰয়োজনীয়তা তথা গুৰুত্বৰ কথাও দোহাৰে।
অতি আন্তৰিকতাপূৰ্ণ মতবিনিময়ৰ এক ব্যৱস্থাৰ বাবেই কৰ্মশালাৰ গোটেই সময়খিনিত শিক্ষাৰ্থীসকলে নিজকে একাত্ম কৰি ৰাখিবলৈ সক্ষম হয়। ফলত চাপ নিয়ন্ত্ৰণ, আৱেগিক নিয়ন্ত্ৰণ আৰু আত্ম-সন্মান গঢ়াৰ ওপৰত গুৰুত্ব দিয়াৰ সন্দৰ্ভত যিসমূহ কৌশলৰ বিষয়ে অৱগত কৰা হয় সেইবোৰে তেওঁলোকৰ মনত যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হয়। ইয়াৰোপৰি তেওঁলোকে এই কৰ্মশালাৰ পৰা উদ্বেগ নিয়ন্ত্ৰন, মনোযোগ শক্তিক উন্নিত কৰা আৰু মানসিক স্পষ্টতা বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰিক কৌশলো আয়ত্ব কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/45369d21-a56f-4a38-85b7-cbe0072f5373/38652750-9405-4dd8-84dd-bd86702387be.jpg)
কৰ্মশালাত অংশগ্ৰহণ কৰি এগৰাকী শিক্ষাৰ্থীয়ে কয়, এয়া এক জ্ঞানবৰ্ধক অভিজ্ঞতা। প্ৰত্যাহ্বানপূৰ্ণ সময়ত কিদৰে চাপ নিয়ন্ত্ৰণ কৰিব পাৰি, কিদৰে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িব পাৰি সেই সন্দৰ্ভত যথেষ্ট কথা শিকিলোঁ।
অতি সফলতাৰে সম্পূৰ্ণ হোৱা আৰু স্বেচ্ছাসেৱী সংস্থা ৰাহেইনে উদ্যোগ লোৱা এই কৰ্মশালাত বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে অভিভাৱক আৰু স্থানীয় লোকৰ সহযোগিতাও আছিল অতি যোগাত্মক। কৰ্মশালাত শিক্ষাৰ্থীৰ লগতে শিক্ষক, অভিভাৱকৰ উপস্থিতিয়ে মানসিক স্বাস্থ্য সন্দৰ্ভত সকলোকে সচেতন কৰাত সফল হৈছে।
ৰাহেইনৰ এগৰাকী সদস্যই শিক্ষক, অভিভাভৱক আৰু স্থানীয় ৰাইজৰ সহযোগিতাক ধন্যবাদ জনাই এই অনুষ্ঠান সন্দৰ্ভত কয় যে, বোন্দা আঞ্চলিক হাই স্কুল আৰু স্থানীয় লোকসকলৰ সহযোগিতাৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আমাৰ লক্ষ্য শিক্ষাৰ্থীসকলৰ জীৱনত এক যোগাত্মক প্ৰভাৱ পেলাই তেওঁলোকক এক উজ্জ্বল আৰু স্বাস্থ্যকৰ ভৱিষ্যত প্ৰদান কৰা।
উল্লেখ্য যে, স্বেচ্ছাসেৱী সংস্থা ৰাহেইনে এনেধৰণৰ মানসিক স্বাস্থ্য সন্দৰ্ভত কৰ্মশালা আগন্তুক সময়তো অব্যাহত ৰখাৰ পৰিকল্পনা লৈছে। মাইণ্ড পাৱাৰ ৱাছিমৰ দৰে বিশেষজ্ঞৰ সৈতে ঐক্যবদ্ধভাৱে আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰে আগন্তুক সময়তো এনে অনুষ্ঠান অনুষ্ঠিত কৰি শিক্ষাৰ্থী তথা সৰ্বস্তৰৰ ৰাইজৰ মানসিক সুস্থতাক নিশ্চিত কৰিবলৈ চেষ্টা কৰিব বুলিও জনাইছে।
Also Read: ঢেকীয়াজুলি কাণ্ডৰ উত্তেজনাৰ মাজতে ঠেলামৰাত পুনৰ ধৰ্ষণৰ অপচেষ্টা কিশোৰীক