মেধাৱী স্কিলছ ইউনিভাৰ্ছিটিয়ে অসমত স্থাপন কৰিব বিদেশী নিয়োগৰ বাবে স্কিল হাব...

মেধাৱী স্কিলছ ইউনিভাৰ্ছিটিয়ে অসমত বিদেশী নিয়োগৰ বাবে এখন স্কিল হাব আৰু ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ বাবে এখন উৎকৃষ্টতা কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মেধাৱী স্কিলছ ইউনিভাৰ্ছিটিয়ে অসমত স্থাপন কৰিব বিদেশী নিয়োগৰ বাবে স্কিল হাব...

ডিজিটেল সংবাদ ছিকিমঃ এডভাণ্টেজ আছাম ২.০ ত মেধাৱী স্কিলছ ইউনিভাৰ্ছিটি (MSU)-এ অসম চৰকাৰৰ সৈতে গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি পত্ৰত (MoU) স্বাক্ষৰ কৰিছে। অসম চৰকাৰৰ সৈতে এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে মেধাৱী স্কিলছ ইউনিভাৰ্ছিটিৰ এই কৌশলগত সহযোগিতাৰ জৰিয়তে অসমত বিদেশী নিয়োগৰ বাবে এখন স্কিল হাব (Skill Hub for Overseas Employment) আৰু ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ বাবে এখন উৎকৃষ্টতা কেন্দ্ৰ (Centre of Excellence for Semiconductor Technology) প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে।

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এডভাণ্টেজ আছাম ২.০ ৰ প্ৰথম দিনটোত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। মেধাৱী স্কিলচ ইউনিভাৰ্ছিটিৰ হৈ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰো-চান্সেলৰ কুলদীপ শৰ্মাই চুক্তিপত্ৰত স্বাক্ষৰ কৰে। অসম চৰকাৰৰ হৈ এই চুক্তিপত্ৰত স্বাক্ষৰ কৰে অতিৰিক্ত মুখ্য সচিব বি. কল্যাণ চক্ৰৱৰ্তীয়ে।

এইসময়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী প্ৰশান্ত ফুকন, কৃশ্নেন্দু পল,  ডাঃ ৰণোজ পেগু উপস্থিত থাকে। মেধাৱী স্কিলছ ইউনিভাৰ্ছিটিয়ে অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে শিক্ষাক্ষেত্ৰত বিনিয়োগ কৰিব। তেওঁলোকে স্থাপন কৰিবলগীয়া বিদেশী নিয়োগ কেন্দ্ৰই অসমৰ যুৱ সমাজক গ্লোবেল স্কিল প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত নিয়োগৰ সুযোগ বৃদ্ধি কৰিব। 

আনহাতে, ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ উৎকৃষ্টতা কেন্দ্ৰ-ই ভাৰতৰ ছেমিকণ্ডাক্টৰ মিছনক অধিক আগুৱাই নিব আৰু অসমক উন্নত প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে। মেধাৱী স্কিলছ বিশ্ববিদ্যালয়ে অসমৰ বাবে দক্ষ, ডিজিটেল আৰু ভবিষ্যৎ-মুখী সমাজ গঠনৰ প্ৰতিশ্ৰুতিক অগ্ৰাধিকাৰ দিছে। 

বিশ্বমানৰ দক্ষতা বিকাশ উদ্যোগ আৰু উদ্যোগিক সহযোগিতাৰ যোগেদি, এই পৰিকল্পনাসমূহে নতুন নিয়োগ পথ সৃষ্টি, উদ্যোগশীলতা উৎসাহিত আৰু ৰাজ্যৰ অৰ্থনৈতিক বৃদ্ধি নিশ্চিত কৰিব বুলি আশা কৰিছে।

 

এডভাণ্টেজ আছাম ২.০