দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ উদ্যোগত মামণি ৰয়ছম গোস্বামীৰ জনম দিন পালন...

দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ উদ্যোগত মামণি ৰয়ছম গোস্বামীৰ জনম দিন পালন...
দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ উদ্যোগত মামণি ৰয়ছম গোস্বামীৰ জনম দিন পালন...

ডিজিটেল সংবাদ গুৱাহাটীঃ জ্ঞানপীঠ বঁটাৰে বিভূষিতা, বৰেণ্য লেখিকা, ৰামায়ণী সাহিত্যৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন গৱেষিকা মামণি ৰয়ছম গোস্বামী (ড০ ইন্দিৰা গোস্বামী) ৰ আজি ওপজা দিন দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ উদ্যোগত উপৰহালীত উদযাপন কৰে । আদিতে মানৱ দৰদী, মহীয়সী লেখিকা ড০ গোস্বামীৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন, পুষ্পাৰ্ঘ্য অৰ্পণৰ অন্তত এখনি স্মৰণ সভা অনুষ্ঠিত হয় ।

সচেতন মঞ্চৰ‌ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসে সঞ্চালনা কৰা সভাত বক্তব্য দাঙি ধৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক-লেখক দীপক শৰ্মাই কয়- "মামণি ৰয়ছম গোস্বামীৰ চিন্তাধাৰা বিশ্বজনীন আছিল । সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি-সংহতি প্ৰতিষ্ঠাৰ হকে অপ্ৰাণ চেষ্টা কৰিছিল ।"

মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধিয়ে সভাত অংশ লৈ কয়- "গোস্বামী বাইদেউৰ সৰহভাগ গ্ৰন্থত সমাজৰ অৱহেলিত, অনাদৃত সমাজৰ এখন ছৱি প্ৰস্ফুটিত হৈ আছে ।" অনুষ্ঠানত সাংস্কৃতিক কৰ্মী মৃগেন তালুকদাৰ, টাৰ্জেন কুমাৰ, লফিকুল হক, দীপক কুমাৰ মেধি প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয় ।

'বিকাশ'ৰ ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in