লাচিত সংঘৰ বাকৰিত কণী যুঁজৰ আনন্দৰে মতলীয়া শিশু-কিশোৰ…

লাচিত সংঘৰ বাকৰিত কণী যুঁজৰ আনন্দৰে মতলীয়া শিশু-কিশোৰ…

ডিজিটেল ডেস্কঃ চানমাৰিৰ মামনী ৰয়ছম গোস্বামী পথস্থিত লাচিত সংঘৰ চোতালত বিহুৰ পুৱা সংঘৰ সদস্য আৰু গান্ধীবস্তিৰ শিশু-কিশোৰৰ পৰা বৃদ্ধলৈকে সকলো সমবেত হৈ মেজি জ্বলাই বছৰটোলৈ সকলো অপায়-অমংগল দূৰ হোৱাৰ বাবে অগ্নিক প্ৰণাম কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

মেজি দাহৰ অন্তত ছাই ফোট লৈ মাহকৰাই লগতে চিৰা-দৈ, পিঠা-পনা আদি খাই ভোগালী বিহুৰ আনন্দ উপভোগ কৰে সকলোৱে। সমান্তৰালভাৱে শিশু-কিশোৰৰ মাজত অনুষ্ঠিত হয় কণী যুঁজ।

মাঘ বিহুৰ এক অনন্য পৰম্পৰাৰে কণী যুঁজত ভাগ লৈ মহানগৰীয়া শিশুসকল আনন্দত মতলীয়া হৈ পৰে। লাচি সংঘৰ কৰ্ম-কৰ্তা সকলৰ এনে আয়োজনৰ বাবে জ্যেষ্ঠসকলে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সংঘৰ সকলো সদস্যকে আশীৰ্বাদ জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in