/asomiyapratidin/media/media_files/2025/11/24/laccj-2025-11-24-14-05-09.jpg)
ডিজিটেল ডেস্কঃ অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস, সাহসৰ প্ৰতীক আৰু গৌৰৱ বীৰ লাচিত বৰফুকনৰ আজি ৪০৩সংখ্যক জন্মজয়ন্তী। মহাবীৰগৰাকীৰ সোঁৱৰণৰ আজি ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্ত উদযাপিত হৈছে লাচিত দিৱস। প্ৰতিবছৰৰ দৰে এইবেলিও গাম্ভীৰ্যপূৰ্ণ তথা দিনজোৰা কাৰ্যসূচীৰে লাচিত সংঘইও উদযাপন কৰে লাচিত দিৱস।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/a50a3cdd-cbd5-4101-b68d-33e023257898-2025-11-24-14-53-37.jpg)
বন্তি প্ৰজ্বলন আৰু লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হয় লাচিত সংঘৰ লাচিত দিৱসৰ কাৰ্যসূচী। ইয়াৰ পিছতে লাচিত প্ৰতিমূৰ্তিৰ সন্মুখত সকলোৱে পৰিৱেশন কৰে জাতীয় সংগীত। এই কাৰ্যসূচীৰ পিছতে আৰম্ভ হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/40e2cdd4-7592-4ee4-87c8-eefd4990c5b2-2025-11-24-14-53-50.jpg)
প্ৰতিবছৰৰ দৰে এইবেলিও লাচিত সংঘই দুগৰাকী বিশিষ্ট ব্যক্তিক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। এইবাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে লেফটেনেন্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী (অৱসৰপ্ৰাপ্ত) আৰু প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইক সম্বৰ্ধনা জনায় লাচিত সংঘই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/c44abd9e-6629-442c-a062-25e0287ddc71-2025-11-24-14-54-04.jpg)
লাচিত দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কৃতী সেনা বিষয়া ,বিশিষ্ট লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তকে ধৰি বহুকেইগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/c45b2241-4dec-4573-bf98-d167e6859724-2025-11-24-14-54-16.jpg)
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট ব্যক্তি দুগৰাকীয়ে লাচিত বৰফুকনৰ যুদ্ধ কৌশল আৰু প্ৰশাসনিক দক্ষতাৰ সন্দৰ্ভত সৰল বাখ্যা আগবঢ়ায়। অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালীয়ে লাচিত বৰফুকনৰ যুদ্ধ কৌশল বিশ্বৰ ভিতৰতে বিৰল আৰু অন্যতম বুলি উল্লেখ কৰি কয় যে, লাচিত বৰফুকন হৈছে বিশ্বৰ ভিতৰতে প্ৰথমগৰাকী সেনাপতি যিয়ে স্থল সেনাৰ সেনাপতি হৈ নৌকা যুদ্ধতো নিজৰ সেনা বাহিনীক নেতৃত্ব দিছিল। লাচিত বৰফুকনৰ এই দক্ষতাক শত্ৰু ৰাম সিংহইও স্বীকাৰ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/48a597d9-b3a7-4f47-93fa-6610e6833234-2025-11-24-14-54-27.jpg)
অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল গৰাকীয়ে বিশ্ব বিখ্যাত বহু কেইগৰাকী সেনাপতিৰ সৈতে লাচিতৰ শক্তি আৰু যুদ্ধ দক্ষতাক ৰিজাই কয় যে, লাচিত বৰফুকনৰ যুদ্ধ কৌশলক ভাৰতীয় সেনাইও ব্যৱহাৰ কৰিছে। কিন্তু আক্ষেপৰ বিষয় যে চত্ৰপতি শিৱাজীৰ দৰে মহাবীৰক দেশে যিমান জানে তাৰ তুলনাত আজিও লাচিত বৰফুকনক বহুতেই নাজানে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/57990ffa-1c8d-4b8e-813e-c75b29dc2472-2025-11-24-14-55-10.jpg)
তেওঁ লগতে কয় যে, যিগৰাকী ৰাম সিংহক লাচিত বৰফুকনে পৰাভূত কৰিছিল সেই ৰাম সিংহৰ উত্তৰাধিকাৰীয়ে চত্ৰপতি শিৱাজীকো বন্দী কৰিছিল। গতিকে চত্ৰপতি শিৱাজীক বন্দী কৰা বংশধৰক পৰাস্ত কৰি খেদি পঠাইছিল আমাৰ মহাবীৰ লাচিতে। গতিকে তেওঁৰ বীৰত্ব আৰু যুদ্ধ কৌশল ইয়াৰ পৰাই অনুমান কৰিব পাৰি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/4c5ed34c-d703-43e8-89fb-6c0f48d50dfa-2025-11-24-14-54-46.jpg)
লাচিত বৰফুকনৰ বীৰত্ব আৰু তেওঁৰ গুণ-গৰিমা প্ৰসাৰৰ বাবে চৰকাৰে আৰু অধিক পদক্ষেপ লোৱাৰ পোষকতা কৰে তেওঁ। দেশৰ প্ৰতিখন মুখ্য় চহৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ লগতে দেশৰ আগশাৰীৰ পৰীক্ষাসমূহত লাচিত বৰফুকন বিষয়ক প্ৰশ্ন অন্তভূৰ্ক্ত কৰাৰ বাবে উদ্যোগ লোৱাৰ বাবেও আহ্বান জনায়।
অনুষ্ঠানটোত উপস্থিত থকা আন এগৰাকী অতিথি প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁয়ে লাচিত বৰফুকন আৰু আহোম ৰাজত্ব কালৰ প্ৰশাসনীয় দক্ষতাৰ সন্দৰ্ভত পুংখানুপুংখভাৱে বাখ্যা আগবঢ়ায়। তেওঁ কয় যে, আহোম ৰাজত্ব কালত প্ৰশাসনীয় দিশতো ইমানেই নিখুঁত আছিল যে, ৰজাৰ বাবে যি আইন প্ৰজাৰ বাবেও সেই একেই আইনেই আছিল। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে সেই সময়ত শাসন চলিছিল বুলি কয় তেওঁ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/95992864-5a78-4cef-b7df-355b3a1a64dc-2025-11-24-14-55-23.jpg)
প্ৰাক্তন মহাধিবক্তাগৰাকীয়ে লগতে কয় যে, আহোম ৰাজত্ব কালত সকলোৰে বাবে কিছু আচৰণবিধি আছিল। সেই আচৰণবিধি ৰজাইও যদি ভংগ কৰে তেন্তে তিনিগৰাকী মন্ত্ৰীক লৈ গঠন কৰা তিনিজনীয়া বিচাৰপীঠে তাৰ বিচাৰ কৰিছিল। যদি ৰজা দোষী সাব্যস্ত হয়, তেন্তে ৰজাও শাস্তিৰ পৰা বাচি যাব নোৱাৰিছিল। গতিকে আহোম ৰাজত্ব কালৰ এনে প্ৰশাসনীয় তথা গণতান্ত্ৰিক প্ৰমূল্যবোধে সুস্থিৰ সমাজ গঢ় দিয়াত সহায় কৰিছিল।
অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই উপস্থিত সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰে সংঘৰ সম্পাদক মৃণাল পাটোৱাৰীয়ে । লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যৰ গাথাঁ নতুন প্ৰজন্মলৈ লৈ যোৱাৰ ক্ষেত্ৰত লাচিত সংঘই সদায়েই কাম কৰি যোৱাৰ কথাও সাংবাদিকৰ সন্মুখত ব্যক্ত কৰে সংঘৰ সভাপতি কল্যাণ দত্তই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us