৩৬৫ কোটিৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ সৃষ্টি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ...

২০২২-২৩ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বকালৰ সৰ্বাধিক পৰিমাণৰ ৩৬৫ কোটি টকাৰ যান-বাহনৰ ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
৩৬৫ কোটিৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ সৃষ্টি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ...

পৰিবহণ বিভাগৰ ইতিহাস সৃষ্টি

ডিজিটেল ডেস্কঃ ২০২২-২৩ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বকালৰ সৰ্বাধিক পৰিমাণৰ ৩৬৫ কোটি টকাৰ যান-বাহনৰ ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰিছে ৷

Advertisment

বিভাগটোৱে যোৱা বিত্তীয় বৰ্ষত ২৮৭.৬৮ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষত এই সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ অধীনৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ শাখাৰ কাৰ্যালয়ে এই বিত্তীয় বৰ্ষত ৩২৫,৬০,১৪,৭০৮ কোটি টকাৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলে সক্ষম হয় । ইয়াৰ বিপৰীতে জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ অধীনৰ প্ৰৱৰ্তক শাখাই জৰিমণা আকাৰে সৰ্বাধিক পৰিমাণৰ ৩৭,০৮,২১,২১১ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ লগতে বিভাগটোৰ অন্যতম পৰিবহণ বিষয়া ৰফিকুল ইছলামৰ অধীনৰ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী কাৰ্যালয়েও ২,২৬,১৪,৯৫০ কোটি টকাৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰি এই বৰ্ষত পূৰ্বৰ সকলো সময়ৰ অভিলেখ ভঙ্গ কৰি বিভাগটোৱে সৰ্বাধিক পৰিমাণৰ ৰাজহ সংগ্ৰহেৰে অনুকৰণীয় দৃষ্টান্ত দেখুৱাই ৷

মহানগৰ জিলা পৰিবহণ বিভাগৰ এই আটাইকেইটা কাৰ্যালয়ে সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰা কাৰ্যত বিভাগৰ বিষয়া-কৰ্মীসকল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে । লগতে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসক অভিনন্দন জনায় ৷ পৰিবহণ বিষয়াগৰাকীয়ে এই সফলতাৰ বাবে বিভাগৰ বিষয়া-কৰ্মীসকলৰ লগতে সকলো শ্ৰেণীৰ বাহনৰ মালিক আৰু চালক বন্ধুসকলৰ সহযোগিতাৰ কথা উল্লেখ কৰি সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এইক্ষেত্ৰত দিয়া নিৰ্দেশত পৰিবহণ বিভাগে যোৱা দিনবোৰত সৰ্বত্ৰে গঢ়ি তোলা সজাগতা-সচেতনতাৰে এয়া ফল বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷ ইফালে যিসমূহ ব্যৱসায়িক, নিৰ্মাণ প্ৰতিষ্ঠানে বৰ্তমানেও যানবাহনৰ যাৱতীয় কৰ আদায় দিয়া নাই আৰু বৰ্হিৰাজ্যৰ যিসমূহ বহুজাতিক প্ৰতিষ্ঠানে নিজ নিজ ৰাজ্যত বাহনৰ পঞ্জীয়ন কৰি অসমত দীৰ্ঘদিন ব্যৱসায়-বাণিজ্য চলাই থাকিও ৰাজ্যখনক প্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত কৰি আহিছে তেওঁলোকক তৎকালীনভাৱে যানবাহনৰ যাৱতীয় কৰ আদায় দিবলৈ আহ্বান জনাইছে ।

লগতে বাহনসমূহৰ নথিপত্ৰসমূহ সঠিক কৰি ৰাখি পথ-সুৰক্ষাৰ সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ তিনিওগৰাকী পৰিবহণ বিষয়াই আহ্বান জনায়। অয়াৰ উপৰিও ৰাজ্যৰ উন্নয়ণ আৰু ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে শীঘ্ৰে জোৰদাৰ অভিযানত নামিব বুলিও সকিয়াই দিয়ে ৷

Also Read: ঘিলামৰাত লখিমপুৰ জিলা আন্তঃক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা ...

#GAUTAMDAS #GUWAHATITRANSPORTAIONDEPARTMENT