/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/jubeen-boook.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ-পূব গ্ৰন্থ মেলা বন্ধ কৰাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতা চলিছে ষড়যন্ত্ৰ। এই অভিযোগ উত্থাপন কৰি আজি লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘটত বহিছে ৰাজ্যৰ প্ৰকাশক তথা পুথি বিক্ৰেতা সংস্থা। চৰকাৰৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে মাত মাতিছে জুবিন গাৰ্গে।
গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সপক্ষে যুক্তি দি জুবিনে গ্ৰন্থমেলাক লৈ খেলিমেলি নকৰিবলৈ আহ্বান জনায় জুবিনে কৈছে- 'সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ কেবাগৰাকীও বিষয়ববীয়া কেইদিনমাৰ আগেয়ে মোৰ ঘৰলৈ আহিছিল। তেওঁলোকে প্ৰত্যেক বছৰে চানমাৰী খেলপথাৰত গ্ৰন্থমেলা পাতে আজি বহু বছৰৰ পৰা। তেওঁলোকৰ গ্ৰন্থমেলালৈ মই বহুবাৰ গৈছো। যোৱা বছৰো গৈছো। কিতাপ ভাল পাওঁ- সেই কাৰণেই গ্ৰন্থমেলা ভাল পাওঁ।
কিন্তু সেইদিনা তেওঁলোক আহি মোক ক'লে যে, গ্ৰন্থমেলাখনক লৈ বহুত খেলিমেলিৰ সৃষ্টি হৈছে। তেওঁলোকে হেনো আগতেই চানমাৰীৰ খেলপথাৰত গ্ৰন্থমেলা পাতিবলৈ আভিযান্তিক মহাবিদ্যালয়ৰ পৰা অনুমতি লৈ থৈ দিছিল। পাছত তেওঁলোকক ক'লে যে, চৰকাৰে বোলে তাত বেলেগ এখন শিশু গ্ৰন্থমেলা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একেটা সময়তে আৰু সেই কাৰণেই তেওঁলোকক দিয়া অনুমতি বাতিল কৰা হ'ব। চৰকাৰে প্ৰায় ৪ মাহৰ কাৰণে চানমাৰী খেলপথাৰখন লৈ থোৱা বুলি শুনি আচৰিত হৈছো।
চৰকাৰে শিশু গ্ৰন্থমেলা পাতিব- ভাল কথা। চৰকাৰে অসম প্ৰকাশন পৰিষদৰ নামত আৰু এখন গ্ৰন্থমেলা পাতিব- ভাল কথা। কিন্তু একেবাৰে অহা বছৰৰ মাৰ্চ মাহলৈকে চানমাৰী ফিল্ডখন 'বুক' কৰি পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ গ্ৰন্থমেলাখন পাতিব নিদিয়াৰ ষড়যন্ত্ৰ কৰিছে কিয়?' জুবিনে এই লেখাত লগতে উল্লেখ কৰিছে- 'চৰকাৰে গ্ৰন্থমেলা পাতিলে বেয়া পাবলগীয়া একো নাই।
কিন্তু তেওঁলোকৰ যদি ইমানেই মহৎ উদ্দেশ্য আছে তেনেহ'লে অসমৰ প্ৰত্যেকখন জিলাৰ, প্ৰত্যেকটো মহকুমাৰ প্ৰতিখন সদৰ ঠাইত একেসময়তে একেলগে গ্ৰন্থ মেলা পাতি দেখুওৱাক। একেদিনাই ১০০খন গ্ৰন্থমেলা একেসময়তে উদ্বোধন কৰি চৰকাৰে প্ৰমাণ কৰক যে তেওঁলোকে মানুহক কিতাপ পঢ়াৰ সুবিধা প্ৰদান কৰি এটা উন্নত জাতি গঢ়িব বিচাৰে। সেইবোৰকহে বিপ্লৱ বুলি কয়- সৰু ল'ৰা-ছোৱালীৰ নিচিনা টনা আজুৰা কৰিবলৈ মন্ত্ৰী-বিধায়ক হোৱাৰ একো দৰকাৰ নাই…
কিতাপ নথকা জাতি এটাক গামোচাই বচাব নোৱাৰে। চৰকাৰে এই কথাটো বুজি নাপায় বুলি নাভাবো- তেওঁলোকে বুজি পোৱাৰ পাছতো নিজৰ কিবা ন্যস্ত স্বাৰ্থত এইবোৰ নাটক কৰি আছে। এখন দুখন কিয়- ১০খন গ্ৰন্থমেলা পাতক। তেতিয়াহে পৰিৱৰ্তন হ'ব। চৰকাৰে নিজৰ স্থিতি সলনি কৰক আৰু দুয়োখন গ্ৰন্থমেলা যাতে ধুনীয়াকৈ পাতিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক।'
ইফালে, পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰতি সহাৰি জনায় বহু সংখ্যক বুদ্ধিজীৱী আৰু লিখকে এই ধৰ্মঘটত অংশ লয়।