প্ৰথমবাৰৰ বাবে অসমত ভেনিটি ভেন "জয়মতী"

অসমীয়া ছবি জগতলৈ সুখবৰ। অসমীয়া ছবিজগতৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ  আহিছে ভাল খবৰ ।

author-image
Asomiya Pratidin
New Update
new ap web 4.jpg

ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতলৈ সুখবৰ। অসমীয়া ছবিজগতৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ  আহিছে ভাল খবৰ । ছবিজগতৰ অভিনেতা-অভিনেত্ৰীসকলৰ সুবিধাৰ্থে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে অসমলৈ আনিছে এখন বিশেষ ভেনিটি ভেন,যাৰ নাম জয়মতী । এই বিশেষ ভেনিটি ভেনখনত আছে বহু সুবিধা। 

WhatsApp Image 2026-02-21 at 4.41.16 PM

উল্লেখ্য যে, এই অত্যাধুনিক ভেনিটি ভেনখনৰ ভিতৰত আছে তিনিটাকৈ পৃথক পৃথক কোঠা । প্রতিটো কোঠাৰ লগতে আছে এটাকৈ সংলগ্ন বাথৰুম । এক কথাত ক’বলৈ গলে ভি আই পি কোঠা এটাত থকা সকলোবোৰ সুবিধা এই  বিশেষ ভেনিটি ভেনখনত আছে। লগতে প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে মুম্বাইত বিশেষ ভেনিটি ভেনখন নিৰ্মাণ কৰা হৈছিল।

এইখিনিতে উল্লেখ কৰিব লাগিব যে- চলচ্চিত্ৰ জগতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনা এই বিশেষ ভেনখনৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে নিৰিখ কৰিছে ভাড়া । নিগমৰ তৰফৰ পৰা জনোৱা অনুসৰি- যদিহে অসমৰ লোকে শ্বুটিঙৰ বাবে ভেনখন নিয়ে তেন্তে এদিনৰ ভাড়া দিব লাগিব ১০,০০০ টকাৰ লগতে জি এছ টি । আনহাতে যদিহে অসমৰ বাহিৰৰ লোকে এই ভেনখন শ্বুটিঙৰ বাবে ভাড়াত লয়, তেন্তে এদিনৰ ভাড়া দিব লাগিব ১৫,০০০ টকাৰ লগতে জি এছ টি ।

গুৱাহাটী