/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/jorabbat.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ যোৰাবাটত বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা উচ্ছেদ অভিযান আজিও অব্যাহত আছে। কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰিবৰ বাবেই অঞ্চলটোত উচ্ছেদ অভিযানৰ কাৰ্যসূচী হাতত লৈছে জিলা প্ৰশাসনে।
উল্লেখ্য যে বিগত কিছু দিনৰ পৰা যোৰাবাটবাসী সন্মুখীন হৈ আহিছে কৃত্ৰিম বানৰ। দিনদিয়েক পূৰ্বে অঞ্চলটোত কৃত্ৰিম বানত ৩জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়াত পৰিছিল।
ইয়াৰ পিছতে এনেদৰে তপৰ হৈ পৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন। বৃহস্পতিবাৰে অঞ্চলটোত নলাৰ ওপৰত আৰম্ভ কৰা একাধিক নিৰ্মাণকাৰ্য উচ্ছেদ কৰাৰ পিছত আজিও ভিন্ন স্থানত অবৈধ দোকান-পোহাৰ, ঠেক দলং, ঘৰ আদি উচ্ছেদ কৰে।
অতিৰিক্ত উপায়ুক্ত ক্ৰমে নাবদ্বীপ পাঠক, পুলক মহন্ত, পলাশ প্ৰতিম বৰা আৰু ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত চলা এই অভিযানত এতিয়ালৈকে ২০৩টা বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আদি উচ্ছেদ কৰা হয়।
সোণাপুৰৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সহায়ত চলা এই উচ্ছেদ অভিযান পৰৱৰ্তী দুদিন বন্ধ থাকিব। অহা ৪ ছেপ্টেম্বৰৰ পৰা বৰ্ণিহাট পৰ্যন্ত পুনৰ চলিব এই উচ্ছেদ অভিযান।