/asomiyapratidin/media/media_files/2025/09/18/1-2025-09-18-16-59-19.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ বৃহস্পতিবাৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত আয়োজন কৰা এখন নিয়োগ মেলাত প্ৰায় ২৫ টা প্ৰতিষ্ঠিত কোম্পানী আৰু ৩০০ চাকৰি প্ৰত্যাশীয়ে অংশ লয়।
ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ব’ৰ্ড অৱ প্ৰেকটিকেল ট্ৰেইনিং (পূব অঞ্চল), আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ কেৰিয়াৰ গাইডেন্স এণ্ড প্লেচমেণ্ট চেলৰ যৌথ উদ্যোগত নিয়োগ মেলা খনৰ আয়োজন কৰা হয়।
লক্ষ্যণীয় যে, উচ্চাকাংক্ষী প্ৰাৰ্থীসকলক সুযোগ প্ৰদানৰ উদ্দেশ্যে নিয়োগ মেলাত দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী, আদিত্য বিৰলা আৰু এপ’ল’ৰ দৰে প্ৰতিষ্ঠিত নিযুক্তি প্ৰদানকাৰীসকল উপস্থিত আছিল।
ব’ৰ্ড অৱ প্ৰেকটিকেল ট্ৰেইনিং (পূব অঞ্চল)ৰ সহকাৰী সঞ্চালিকা সুস্মিতা ঘোষে নিজ ভাষণেৰে উক্ত মেলাখন উদ্বোধন কৰে। আদৰণি ভাষণ প্ৰদান কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই।
উল্লেখ কৰা প্ৰয়োজন যে, এই পদক্ষেপৰ লক্ষ্য আছিল স্নাতকসকলক উদ্যোগীসকলৰ সৈতে সংযোগ কৰি নিয়োগ আৰু প্ৰশিক্ষনৰ পথ দেখুওৱা।