/asomiyapratidin/media/media_files/2025/11/20/9aa2a411-b42f-46ad-b907-cee3bb627d5f-2025-11-20-23-03-50.jpeg)
ডিজিটেল ডেস্কঃ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাইৰ ভাতৃ তথা নিজৰাপাৰৰ এগৰাকী সৰবৰহী ব্যক্তি যতীন গোহাঁইৰ মৃত্যুৰ খবৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। নিজৰাপাৰৰ প্ৰয়াত মহেন্দ্ৰ নাথ গোহাঁইৰ কণিষ্ঠ পুত্ৰ যতীন গোহাঁয়ে যোৱা ১৮ নৱেম্বৰ, ২০২৫ত শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত প্ৰয়াত যতীন গোহাঁইৰ বয়স আছিল চৌৰাশী বছৰ। উল্লেখ কৰা প্ৰয়োজন যে, তেওঁ বেছ কিছু দিন ধৰি শ্বাসজনিত ৰোগত ভুগি আছিল। গুৱাহাটীৰ কেইবাখনো হস্পাতালত চিকিৎসা লোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক ঘৰলৈ অনা হৈছিল যদিও অৱশেষত তেওঁ মৃত্যুৰ সৈতে হাৰ মানে।
প্ৰণিধানযোগ্য যে, প্ৰয়াত যতীন গোহাঁই অসমৰ 'ছীড কৰ্পোৰেছন'ৰ এগৰাকী বিষয়া আছিল। তেওঁ বন্ধুবৎসল আৰু সৰবৰহী স্বভাৱৰ বাবে নিজৰাপাৰ অঞ্চলৰ ৰাইজৰ মাজত সুপৰিচিত আছিল। তেওঁৰ পত্নীৰ বিয়োগ ঘটিছিল কভিড মহামাৰীৰ সময়ত।
তেওঁ দুগৰাকী পুত্ৰ, এগৰাকী জ্যেষ্ঠ ভগ্নী(ডা.কমলা সেনগুপ্ত) ক ইহঃ সংসাৰত এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us