অসম লেখিকা সমাজৰ উদ্যোগত আয়োজন আন্তৰ্জাতিক নাৰী দিৱস

বিগত বছৰৰ দৰে অসম লেখিকা সমাজৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাজৰ সহযোগত অহা ৮ মার্চ দেওবাৰে উদযাপন কৰিব আন্তৰ্জাতিক নাৰী দিৱস।

author-image
Asomiya Pratidin
New Update
11-11-24 new 2

ডিজিটেল ডেস্কঃ বিগত বছৰৰ দৰে অসম লেখিকা সমাজৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাজৰ সহযোগত অহা ৮ মার্চ দেওবাৰে উদযাপন কৰিব আন্তৰ্জাতিক নাৰী দিৱস। দিনযোৰা কাৰ্যসূচীৰে হুৱাহাটীৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত আন্তর্জাতিক নাৰী দিৱস উদযাপনৰ আয়োজন কৰিছে। 

পুৱা ৯বাজি ১৫মিনিটত বন্তি প্রজ্বলনেৰে আৰম্ভ হ'বলগীয়া বর্ণাঢ্য কাৰ্যসূচী সামৰণি পৰিব বিয়লিৰ বিচিত্রানুষ্ঠানেৰে। দিনৰ ১০ বাজি ৪৫ মিনিটত 'বর্তমান সমাজ ব্যৱস্থাত নাৰীৰ ন্যায় আৰু অধিকাৰৰ প্ৰসংগত নাৰীৰ স্বপ্ৰয়াস' শীর্ষক আলোচনা চক্ৰ আৰু ১.০০ বজাত মুকলি সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাত বিভিন্ন ক্ষেত্ৰৰ  বহুকেইগৰাকী বিশিষ্ট  লোক উপস্থিত থাকিব। 

মুকলি সভাতে অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা ৰূপৱতী শইকীয়া সোঁৱৰণি 'নাৰী কৰ্ম প্ৰেৰণা' বঁটা আৰু সাংগঠনিক পাৰদৰ্শিতা বঁটা প্রদান কৰিব। কামৰূপ মহানগৰ জিলা লেখিকা সমাজৰ মুখপত্র 'শতৰূপা', প্রীতিৰেখা হাজৰিকাৰ গদ্য সংকলন 'লক্ষ্য যদি দিগন্ত', নীলাঞ্জনা পাচনিৰ উপন্যাসিকা 'অবিন্যস্ত সময়ৰ মালিতা' আৰু ৰুকীয়া বেগমৰ অনুদিত হিন্দী উপন্যাস 'কঞ্চন' উন্মোচন কৰা হ'ব। বিয়লিৰ 'বহুৰঙী' বিচিত্রানুষ্ঠানেৰে কাৰ্যক্ৰমণিকা সামৰণি পৰিব।

WhatsApp Image 2026-03-03 at 1.58.32 PM

গুৱাহাটী