অসম জাতীয় বিদ্যালয়ৰ উদ্যোগত আন্তর্জাতিক মাতৃভাষা দিৱস উদযাপনৰ প্ৰস্তুতি

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে অহা ২১ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি আন্তর্জাতিক মাতৃভাষা দিৱস উদযাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
ghrthngg

ডিজিটেল ডেস্কঃ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে অহা ২১ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি আন্তর্জাতিক মাতৃভাষা দিৱস উদযাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে। প্রতিখন জিলাতেই থকা জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিসমূহে জিলাভিত্তিত এক অনুষ্ঠানৰ আয়োজনৰে এই দিনেটো  উদযাপন কৰিব। গুৱাহাটীতো অসম জাতীয় বিদ্যালয়ৰ চৌহদত কেন্দ্রীয়ভাৱে আন্তর্জাতিক মাতৃভাষা দিৱস উদযাপন আয়োজন কৰিছে। 

WhatsApp Image 2026-02-19 at 8.50.12 PM

এই কার্য্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট নাট্যকাৰ-পৰিচালক, নিৱন্ধকাৰ, অধ্যাপক নৰেন পাটগিৰিৰ লগতে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য্য  ড° তৰণী ডেকা। একেদৰে জিলাভিত্তিত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানসমূহলৈও মাতৃভাষাৰ গুৰুত্ব, ঐতিহ্য, চর্চা আৰু উত্তৰণৰ বাবে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টি কৰাৰ বাবে বিভিন্ন পাৰদর্শী ব্যক্তিক সমল ব্যক্তি হিচাপে আমন্ত্রণ কৰা হ'ব। মাতৃভাষা সম্পর্কীয় প্রাসংগিক বিভিন্ন বিষয়ৰ ওপৰত এই লোকসকলে বক্তৃতা প্রদান কৰিব।

উল্লেখযোগ্য যে, একবিংশ শতিকাৰ শিক্ষা-ব্যবস্থাৰ সৃষ্টিশীল চিন্তা, বিভিন্ন বিষয় দক্ষতা আহৰণ তথা আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাবলৈ মাতৃভাষাত জ্ঞান আহৰণ কৰা কথাটো আগতকৈও বেছি গুৰুত্বপূৰ্ণ  হৈ পৰিছে। শিক্ষাৰ ক্ষেত্রত উন্নত পৃথিৱীৰ সকলো দেশতেই শিক্ষা তথা জ্ঞান আহৰণৰ বাবে মাতৃভাষাতেই অন্ততঃ বিদ্যালয় পৰ্যায়ত শিক্ষাদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে এনেবোৰ নীতিৰ আধাৰতেই  বিগত তিনিটা দশক ধৰি ৰাজ্যখনত মাতৃভাষা  মাধ্যমৰ বিজ্ঞানসন্মত শিক্ষা প্ৰদানৰ বাবে সক্ৰিয়ভাৱে  ব্যৱস্থা গ্রহণ কৰি আহিছে। আন্তর্জাতিক মাতৃভাষা দিৱস উদযাপনৰ জৰিয়তে এই ক্ষেত্ৰত আৰু অধিক চৰ্চা তথা সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্য সমগ্ৰ ৰাজ্যতে এই দিৱস পালন কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে।

গুৱাহাটী