আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গৰ ছবি

অহা ১৩ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে এইবাৰ অনুষ্ঠিত হ'ব ১৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ। পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ আমবাৰীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই মহোৎসৱ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অহা ১৩ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে এইবাৰ অনুষ্ঠিত হ'ব ১৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ। পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ আমবাৰীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই মহোৎসৱ। প্ৰায় ১৫ ৰ পৰা ১৮ খন ছবি এই মহোৎসৱত প্ৰদৰ্শন কৰিব। 

উল্লেখ্য যে- এই মহোৎসৱত মণিপুৰৰ জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তেওঁ পৰিচালনা কৰা এখন ছবি উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শন কৰিব । লগতে জাৰ্মানী, ৰাছিয়া, ব্ৰাজিল, ইৰাণ, ভিয়েটনাম, মণ্টেনেগ্ৰ',পৰ্তুগীজ, শ্ৰীলংকা, নেপালৰ বোলছবিৰ লগতে অসমীয়া, বাংলা, বড়ো আৰু মণিপুৰীকে ধৰি বিভিন্ন ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰিব এই মহোৎসৱত । 

WhatsApp Image 2026-02-06 at 11.44.33 PM

ইপিনে এই মহোৎসৱৰ সন্দৰ্ভত গুৱাহাটী চিনে ক্লাবৰ সম্পাদিকা মাধুৰীমা বৰুৱাই কয় যে- এই মহোৎসৱত পৰিচালক অৰূপ মান্নাৰ পৰিচালিত অসমীয়া ‘সমৰ্পণ’ ৰ প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হ'ব । লগতে এই মহোৎসৱত যিহেতু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলক গুৰুত্ব প্ৰদান কৰা হয়, সেয়ে পৰিচালক ৰজনী বসুমতাৰীৰ এখন বড়ো ছবিৰো প্ৰিমিয়াৰ কৰা হ'ব । এই মহোৎসৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জুবিন গাৰ্গে অভিনয় কৰা এখন ছবি প্ৰদৰ্শন কৰা হ’ব। 

আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ