বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ কাষত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ কাষত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

author-image
Asomiya Pratidin
New Update
বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ কাষত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ডিজিটেল ডেস্ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জনপ্ৰিয় অভিনেতা জয়ন্ত দাস। দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি ঘটা হেতু দুদিন পূৰ্বে অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। মংলবাৰে অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

Advertisment

মন্ত্ৰীগৰাকীয়ে অভিনেতা দাসক সাক্ষাৎ কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লয়। ইয়াৰোপৰি চিকিৎসা সন্দৰ্ভত তদাৰক কৰি থকা চিকিৎসকৰ সৈতে আলোচনা কৰে।

আলোচনাৰ অন্তত মন্ত্ৰী মহন্তই সকলো ধৰণৰ প্ৰয়োজনীয় জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰিবলৈ চিকিৎসক দিহা দিয়ে। উল্লেখ্য যে, অভিনেতাগৰাকীৰ সকলো চিকিৎসা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই মন্তব্য কৰিছে।

Also Read: সজাগতা সৃষ্টিৰে বৰদোৱা সত্ৰৰ পৰা মধুপুৰ সত্ৰলৈ পদযাত্ৰা বিপিন চন্দ্ৰ খনিকৰৰ

artist actor Jayanta Das assam govt keshab mahanta Bimal Borah