
ডিজিটেল সংবাদ, গুৱাহাটীঃ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পচৰীয়াৰ এটুকুৰা ভুমিৰ জোখমাখৰ বাবে লাট মণ্ডল গৰাকীয়ে বিতৰ্কিত ব্যৱসায়ী বসন্ত আগৰৱালাক জাননী জাৰি কৰাৰ সময়ত বনিয়া গৰাকীয়ে ভূমি টুকুৰাৰ জোখমাখৰ বাবে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পঠোৱাৰ হুংকাৰ প্ৰদান কৰা ঘটনাই বৃহত্তৰ অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি পচৰীয়াৰ দলৰ পথাৰ গাঁৱৰ ১২৩ পট্টাৰ ২৯১ নং দাগৰ ভূমিৰ বাটোৱাৰাৰ এক গোচৰৰ সম্পৰ্কত লাট মণ্ডল গৰাকীয়ে বসন্ত আগৰৱালাক জাননী জাৰি কৰিছিল। উক্ত জাননী জাৰি কৰাৰ সময়তে ব্যৱসায়ী গৰাকীয়ে মণ্ডল গৰাকীক বাটোৱাৰাৰ সময়ত তেওৰ পৰিবৰ্তে হিমন্ত বিশ্ব শৰ্মাক বাটোৱাৰালৈ পঠাব বুলি হুমকি প্ৰদান কৰে। যাৰ বাবে ক্ষোভিত মণ্ডল গৰাকীয়ে বিতৰ্কিত ব্যৱসায়ী বসন্ত আগৰৱালাৰ এনে ব্যৱহাৰৰ বিৰুদ্ধে লিখিত প্ৰতিবেদন প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে।
অন্যহাতে ৰাজ্য প্ৰশাসনৰ এচাম দুৰ্নীতিপৰায়ন বিষয়া কৰ্মচাৰীয়ে ন্যষ্ট স্বাৰ্থৰ বাবে কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত আলাবৈ ৰণস্থলী শেহতীয়া ভাৱে এইগৰাকী বহিৰাগত বনিকৰ হাতলৈ যোৱাৰ পথ প্ৰশস্ত হোৱাত বৃহত্তৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পচৰীয়া গাৱত আহোম-মোগলৰ যি যুদ্ধস্থলী সেই স্থানৰ চৰকাৰী ভূমি সমূহত বৰ্তমান এচাম অসাধু ব্যৱসায়ীৰ লোলপু দৃষ্টি পৰিছে । এই অসাধু ব্যৱসায়ী সকলক দুৰ্নীতি পৰায়ন এচাম বিষয়া কৰ্মচাৰীয়ে সাৰ-পানী যোগান ধৰাৰ পৰিণতিত ঐতিহ্য ক্ষেত্ৰৰ ভূমি সমূহত বনিক শ্ৰেনীৰ হাতলৈ যোৱাটো নিশ্চিত হৈ পৰিছে । আমাৰ হাতত পৰা তথ্য অনুসৰি অতি শেহতীয়াভাৱে বসন্ত আগৰৱালা নামৰ অসাধু ব্যৱসায়ী এগৰাকী উক্ত স্থানত ২৭ বিঘাকৈ চৰকাৰী ভূমি আৱন্টন দিয়াৰ এক গভীৰ চক্ৰান্ত ৰচনা কৰা হৈছে । ALLIED COMMOSALE PVT LTD নামৰ প্ৰতিষ্ঠান স্বাত্বাধিকাৰী বসন্ত আগৰৱালাৰ উক্ত গাৱত ২৯৯,২৯১,২৯৪ নম্বৰ দাগত নিজা ভূমি আছে কিন্তু উল্লেখিত দাগ কেইটাৰ কাষতে থকা ২৯৩ নং দাগৰ ২৭ বিঘা চৰকাৰী ভূমি হস্তগত কৰাৰ কৌশল ৰচনা কৰে বিতৰ্কিত ব্যৱসায়ী গৰাকীয়ে ।
সেইমৰ্মে বিগত বৰ্ষত মহানগৰীত অনুষ্ঠিত হোৱা এডভাণ্টেজ আসাম অনুষ্ঠানত ব্যৱসায়ী গৰাকীয়ে এগ্ৰো প্ৰচেছিং এক উদ্যোগ প্ৰতিষ্ঠানৰ বাবে উক্ত দাগৰ ভূমিখিনি আৱন্টন বিচাৰি আবেদন জনায় । উক্ত আবেদন মৰ্মে অসম চৰকাৰৰ সৈতে ব্যৱসায়ী গৰাকীয়ে ৰাজ্য চৰকাৰৰ সৈতে ভুমিখিনিক লৈ বুজাবুজিৰো এখন চুক্তি কৰিবলৈ সক্ষম হয় । কিন্তু বুজাবুজিৰ চুক্তিখনত বাৰ মাহৰ ভিতৰতে ভূমিৰ কামকাজ সম্পন্ন কৰাৰ কথা স্পষ্ট ভাৱে উল্লেখ থকাৰ পাছতো হাজো চক্ৰ বিষয়াৰ কাৰ্যলয়ত এবছৰ উকলি যোৱাৰ পাছত শেহতীয়াভাৱে ভূমি আবন্টনৰ প্ৰক্ৰিয়া চলা কাৰ্যত ক্ষোভিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ দল-সংগঠন সমূহ । ঐতিহ্যমণ্ডিত আলাবৈ ৰন ক্ষেত্ৰ আনফালে উক্ত ভূমিখিনি দীঘলি বিলৰ অংশ বিশেষ । যদিহে উক্ত ভূমিখিনি বনিক গোষ্ঠীক অৰ্পন কৰা হয় তেন্তে বৃহত্তৰ অঞ্চলটোৰ জলভাণ্ডাৰ দিঘলী বিললৈ অশনি সংকেত নামি আহিব। সমান্তৰাল ভাৱে হাড়গিলাৰ সুগম আবাস ভূমি হিচাপে বিশ্বৰ বুকুত চিহ্নিত হোৱা বৃহত্তৰ অঞ্চলটোলৈ ভাবুকি নামি অহাৰো শংসয় ব্যক্ত কৰিছে দল-সংগঠন সমূহে । দদৰা পচৰীয়া অঞ্চলত হাড়গিলাই এখন সংশয়বিহীন কলনি গঢ়ি তুলিছিল আৰু দিঘলী বিলত হাড়গিলা সমূহে বিচৰন কৰাৰ স্থল হিচাপে পৰিগনিত হৈ আহিছিল। কিন্তু শেহতীয়াভাৱে বিতৰ্কিত ব্যৱসায়ী গৰাকীয়ে বিলখনৰে অংশবিশেষ ভূমি হস্তগত কৰাৰ চক্ৰান্ত কৰাত ক্ষোভিত হৈ পৰিছে প্ৰকৃত সকল।