/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7e2e3eff-9a7a-4b42-bffd-a043e7689cf1/STF.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে গুৱাহাটীত এছ টি এফে আয়োজন কৰে সংবাদমেল। মহানগৰীত এটা জালনোট চক্র উৎখাত হোৱাৰ সন্দৰ্ভত এই সংবাদমেল এছ টি এফৰ। সংবাদমেলত জনোৱা অনুসৰি ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই দুজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকদুজন হ'ল ইমদাদুৰ ৰহমান, ৰুবুল আলী। উল্লেখ্য অভিযানত আৰক্ষীয়ে এটা জালনোট প্রস্তুত কৰা মেছিন সহ চাৰিটা মোবাইল আৰু এখন বাহন জব্দ কৰে। তদুপৰি ব্যক্তিদুজনৰ পৰা উদ্ধাৰ কৰা হয় ৭২ হাজাৰ টকাৰ ৫০০ টকীয়া জালনোট।
হেঙেৰাবাৰীৰ এটা ভাড়াঘৰৰ পৰা এই জালনোটৰ বেহা চলোৱাৰ কথা প্ৰকাশ কৰিছে এছ টি এফে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।
Also Read: লখিমপুৰত ভাষাৰ ওজাক স্মৰণঃ দল-সংগঠনে শলাগিলে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ কৰ্মক