ৰাজ্যৰ খেলুৱৈৰ বাবে গুৱাহাটী ক্ৰিড়া সস্থাৰ বিশেষ পদক্ষেপ : অনুষ্ঠিত হ’ব 'গুৱাহাটী প্রিমিয়াৰ ফুটবল লীগ'

ৰাজ্যৰ খেলুৱৈৰ বাবে গুৱাহাটী ক্ৰিড়া সস্থাৰ বিশেষ পদক্ষেপ : অনুষ্ঠিত হ’ব 'গুৱাহাটী প্রিমিয়াৰ ফুটবল লীগ'

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ খেলুৱৈৰ বাবে গুৱাহাটী ক্ৰিড়া সস্থাৰ বিশেষ পদক্ষেপ : অনুষ্ঠিত হ’ব 'গুৱাহাটী প্রিমিয়াৰ ফুটবল লীগ'

ডিজিটেল ডেস্কঃ ৰাজ্যৰ খেলুৱৈসকলক আগবঢ়াই নিয়াৰ বাবে গুৱাহাটী ক্ৰিড়া সস্থাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ইণ্ডিয়ান চুপাৰ লিগৰ অন্যতম দল নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ সৈতে বিশেষ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে গুৱাহাটী ক্রীড়া সংস্থাই। সোমবাৰে মহানগৰীৰ টাউন ক্লাব প্রেক্ষাগৃহত অনুষ্ঠিত হয় এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান।

Advertisment

এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী ক্রীড়া সংস্থাৰ সভাপতি, সম্পাদক আৰু নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ চি ই অ আৰু মুখ্য প্রশিক্ষক। আগন্তুক ৫ বছৰৰ বাবে গুৱাহাটী ক্রীড়া সংস্থাৰ সৈতে চুক্তিবদ্ধ হ’ল নৰ্থ-ইষ্ট ইউনাইটেড এফ চি।

এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰি কেইবাটাও নতুন পৰিকল্পনা ঘোষণা কৰে গুৱাহাটী ক্রীড়া সংস্থাৰ সভাপতি গৰাকীয়ে। লগতে অসমৰ নতুন খেলুৱৈসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে এই পদক্ষেপসমূহ লোৱা বুলিও উল্লেখ কৰে।

অহা ১ ডিচেম্বৰৰ পৰা ১২ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব গুৱাহাটী প্রিমিয়াৰ ফুটবল লীগ। মুঠ ১৬টা দলে অংশগ্রহণ কৰিব এই ফুটবল লীগত। চেম্পিয়ন দলে লাভ কৰিব ৩০ লাখ টকা।

ইয়াৰ লগতে য়ুথ এণ্ড কিডছ্ লীগ আৰু প্ৰাইড ক্ৰিকেট ক্লাৱো অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰা হয় উক্ত অনুষ্ঠানত। একেটা অনুষ্ঠানতে এই প্রতিযোগিতাসমূহৰ ল’গ’ মুকলি কৰা হয়।

Also Read: কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

গুৱাহাটী ক্ৰিড়া সস্থা