গুৱাহাটী প্ৰেছ ক্লাৱত গোৱালপৰীয়া লোকগীতৰ হিন্দী ৰূপান্তৰ উন্মোচন

আজি গুৱাহাটী প্ৰেছ ক্লাৱত 'বাৰ মাসে তেৰ ফুল' ফোটে শীর্ষক গোৱালপাৰীয়া লোকগীতৰ হিন্দী ৰূপান্তৰ 'बारह महिने मे तेरह फुल खिले' শীর্ষক মিউজিক ভিডিঅ' উন্মোচন কৰা হয়।

author-image
Tushar Pratim
New Update
গুৱাহাটী প্ৰেছ ক্লাৱত গোৱালপাৰীয়া লোকগীতৰ হিন্দী ৰূপান্তৰ উন্মোচন

ডিজিটেল ডেস্কঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 'বাৰ মাসে তেৰ ফুল' ফোটে শীর্ষক গোৱালপাৰীয়া লোকগীতৰ হিন্দী ৰূপান্তৰ 'बारह महिने मे तेरह फुल खिले' শীর্ষক মিউজিক ভিডিঅ' এটা বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী, কন্ঠশিল্পী মালবিকা বৰা, বিশিষ্ট গায়িকা নমিতা ভট্টাচাৰ্য্য আৰু জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কর্মী গৌতম শৰ্মাই যৌথ ভাৱে উন্মোচন কৰে।

Advertisment

তাৰোপৰি উপস্থিত থাকে বিশিষ্ট ভায়লিন বাদক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শান্তনু ঠাকুৰ, বিশিষ্ট প্ৰশাসনিক বিষয়া তপন চন্দ্ৰ শৰ্মা, লোকগীতৰ শিল্পী জীনা ৰাজকুমাৰী, জবা চক্ৰৱৰ্তী, মিৰাণ্ডা চৌধুৰী, চন্দশ্ৰী চক্ৰৱৰ্তী, পুনম বৰুৱা, লোহিত ৰোহিতকে ধৰি কেইবাজনো ব্যক্তি।

লোকগীতটিক হিন্দীলৈ অনুবাদ কৰি কণ্ঠদান কৰিছে গোৱালপাৰীয়া লোকগীত শিল্পী আৰু গৱেষক মিনি ভট্টাচাৰ্য্যই। দীর্ঘদিন ধৰি নিৰলসভাৱে গোৱালপাৰীয়া লোকগীতৰ প্ৰসাৰ, প্ৰচাৰ আৰু সংৰক্ষণৰ হকে কাম কৰি থকা মিনি ভট্টাচাৰ্যই ভাৰতৰ বিভিন্ন ঠাইত এই লোকগীতসমূহ পৰিৱেশন কৰোতে প্ৰায়েই শ্ৰোতাৰ অনুৰোধত হিন্দীত বুজাই দিবলগীয়া হয়। 

সেই অভিজ্ঞতাই গীতৰ ভাষান্তৰৰ দৰে কষ্টসাধ্য কামৰ বাবে অনুপ্ৰেৰণা যোগোৱা বুলি শিল্পী গৰাকীয়ে মত প্রকাশ কৰে। লোকসংগীতৰ লগত একোটা জাতি বা জনগোষ্ঠীৰ আৱেগ জড়িত থাকে। গোৱালপাৰীয়া লোকগীত নামেৰে পদ্মশ্রী স্বর্গীয়া প্রতিমা বৰুৱা পাণ্ডেই জনপ্ৰিয় কৰি থৈ যোৱা গীতসমূহ আচলতে কোচ ৰাজবংশীসকলৰ সাংস্কৃতিক সম্পদ।

পার্যমানে চেষ্টা কৰা হৈছে যাতে গীতটোৰ কোনো ক্ষেত্ৰতে কোঁচ ৰাজবংশীসকলৰ সংস্কৃতিৰ ভুল উপস্থাপন নহয়। অনুবাদ কৰাৰ সময়ত গোৱালপাৰীয়া লোকগীতটোৰ অৰ্থ, ব্যঞ্জনা আৰু সাংগীতিক বৈশিষ্টসমূহ যথাযথভারে ৰখা হৈছে আৰু সম্পূৰ্ণ থলুৱা লোকবাদ্যৰ সহযোগত পৰম্পৰাগত সুৰৰ নিভাজ ৰীতিৰে বাণীবদ্ধ কৰা হৈছে।

দৃশ্যায়নৰ ক্ষেত্ৰতো অসমৰ গ্রাম্য পৰিৱেশকহে ব্যৱহাৰ কৰা হৈছে। অলংকৰণৰ বাবেও বৃহত্তৰ গোৱালপাৰা অঞ্চলত উপলব্ধ বনৰীয়া ফুলৰহে চিত্রায়ন কৰা হৈছে। ৰাজবংশী কিশোৰী কেইগৰাকীক নদীৰ ঘাটত আপোনমনে আচৰণ কৰিবলৈ দি কেমেৰাৰে আৱদ্ধ কৰা হৈছে।

শিল্পীগৰাকীয়ে জনোৱা মতে, এই অনুবাদ সম্পন্ন হোৱাৰ পিছতো লোকগীতৰ ভাষান্তৰৰ যুক্তিযুক্ততা সম্পর্কে নিশ্চিত হ'বৰ বাবে লোকসংগীত সম্পৰ্কে চর্চ্চা কৰা অসমৰ আৰু অসমৰ বাহিৰৰো কেবাগৰাকীও বিজ্ঞ ব্যক্তিৰ লগত লগত আলোচনা বিলোচনা কৰাত কিছু সময় পাৰ হ'ল। সকলোৰে পৰা উৎসাহজনক সহাৰি পাই অৱশেষত 'बारह महिने मे तेरह फुल खिले' ক দর্শক শ্ৰোতাৰ বাবে ইউটিউবত মুকলি কৰি দিয়া হ'ল।

সংগীতৰ সুৰে গঢ় দিব খোজা সাঁকোত শ্ৰোতাৰ বাবে বোধগম্য ভাষাৰ সংযোগে গোৱালপাৰাৰ এই অনন্য লোকসংগীতৰ ধাৰাটোক দেশৰ অন্য প্ৰান্তৰ সংগীতপ্রেমীৰ আৰু ওচৰলৈ লৈ যাব বুলি আশা কৰা হৈছে। কোঁচ ৰাজবংশী সম্প্ৰদায়ৰ সকলো মানুহ, লগতে এই সংস্কৃতিক মনে প্রাণে ভাল পোৱা সকলো লোকসংগীত অনুৰাগীৰ প্ৰতি এই প্রচেষ্টাক উচৰ্গা কৰা বুলি শিল্পীগৰাকীয়ে কয়।

গুৱাহাটী প্ৰেছ ক্লাব