/asomiyapratidin/media/media_files/2026/02/22/2-2026-02-22-15-07-12.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ উজান বজাৰস্থিত বিষ্ণু-নিৰ্মলা ভৱনত সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত এক ব্যতিক্ৰমী অনুষ্ঠানত যুৱ লেখক-লেখিকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত বিশেষ অনুষ্ঠানত ২০২৫ বর্ষত অসম প্ৰকাশন পৰিষদ আৰু অসম চৰকাৰৰ দ্বাৰা যুৱ লেখক সন্মান লাভ কৰা অনুসূচিত জাতিৰ যুৱ লেখক-লেখিকাক অভিনন্দন জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-im-2026-02-22-15-05-50.jpeg)
উল্লেখ্য যে, এই অনুষ্ঠানত বিশিষ্ট কবি নীলিম কুমাৰ, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অভিনন্দন অনুষ্ঠানত কবি নীলিম কুমাৰ,অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসসহ অতিথিসকলে ৰিতু ভৰালীৰ ‘তেজৰ চেঁকুৰাবোৰ নদীত উটুৱাই নিদিয়া কিয়’ শীৰ্ষক কাব্য গ্রন্থখন উন্মোচন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-20-2026-02-22-15-06-06.jpeg)
অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ অনুসূচিত জাতিৰ হকে অহৰহ কাম কৰি অহা নাৰী সংগঠনটোৱে এনে ব্যতিক্ৰমী চিন্তা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয় যে- মহিলা সন্মিলনীয়ে যুৱ লেখক-লেখিকাক অভিনন্দন জ্ঞাপন কৰি আগলৈ কাম যাবৰ বাবে উৎসাহী কৰিলে৷ অনাগত দিনটো এনে অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে অনুসূচিত জাতিৰ অধিকাৰৰ হকে নাৰী সংগঠনটোক সবলভাৱে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে যেন।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-2026-02-22-15-06-22.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-2026-02-22-15-06-26.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us