জ্যোতি চিত্ৰবনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ কাৰ্যালয় মুকলি

অসম  সাহিত্য সভাৰ অন্যতম পথিকৃত  জিলা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ৰ আগন্তুক ১৫সংখ্যক অধিৱেশনখন অহা ১৪-১৫ মাৰ্চত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কাহিলীপাৰাস্থিত "জ্যোতি চিত্ৰবন" প্ৰাংগণত অনুষ্ঠিত কৰিব।

author-image
Asomiya Pratidin
New Update
new ap web 5.jpg

ডিজিটেল ডেস্কঃ  অসম  সাহিত্য সভাৰ অন্যতম পথিকৃত  জিলা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ৰ আগন্তুক ১৫সংখ্যক অধিৱেশনখন অহা ১৪-১৫ মাৰ্চত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কাহিলীপাৰাস্থিত "জ্যোতি চিত্ৰবন" প্ৰাংগণত অনুষ্ঠিত কৰিব।

WhatsApp Image 2026-02-21 at 5.28.58 PM

এই উপলক্ষে আজি কাহিলীপাৰাৰ কল্যাণী  নগৰ পথত এটা কাৰ্যালয় মুকলি কৰে। আদৰণি সমিতিৰ  সম্পাদক বিতুমণি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মণে।

 ৰঙা ফিটা কাটি কাৰ্যালয় মুকলি কৰে আদৰণি সমিতিৰ সভাপতি ভূপেন্দ্ৰ চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠানত জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত,প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা,কৃষ্ণকান্ত তালুকদাৰ,কাৰ্তিক চন্দ্ৰ নাথ,  প্ৰশান্ত গগৈ,ৰত্না ৰংচেহনপী,পদুমী পাঠক,মঞ্জু বৰা,দুলুমণি বৰঠাকুৰ,সত্যেন্দ্ৰ নাথ শৰ্মা,হিৰণ্য কুমাৰ ডেকা,নৱকান্ত মালাকাৰ প্ৰভৃতিয়ে অংশগ্ৰহণ কৰে।

WhatsApp Image 2026-02-21 at 5.28.56 PM

গুৱাহাটী