/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-20-2026-02-14-23-19-13.jpeg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে পাঁচদিনীয়া কাৰ্যসূচীৰে চিনে ক্লাৱৰ উদ্যোগত আৰম্ভ হৈছে অষ্টদশ আন্তর্জাতিক গুৱাহাটী চলচ্চিত্র মহোৎসৱ । গুৱাহাটীৰ আমবাৰীস্থিত অসম ৰাজ্যিক সংগ্রহালয়ৰ কনকলাল বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত হৈছে এই মহোৎসৱ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-im-2026-02-14-23-17-43.jpeg)
এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আন্তঃজাতিক খ্যাতি সম্পন্ন মণিপুৰৰ চলচ্চিত্ৰ পৰিচালক অৰিবাম শ্যাম শর্মা । লগতে উপস্থিত থাকে ৰজনী বসুমতাৰী, চিনে ক্লাৱৰ সভাপতি এ কে আবছাৰ হাজৰিকা, সম্পাদক মাধুৰিমা বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি ।
উল্লেখ্য যে, এই মহোৎসৱত অৰিবাম শ্যাম শর্মাৰ ৰেট্ৰ'স্পেকটিভ হ'ব লগতে আৰম্ভণি ছবি হিচাপে প্ৰদৰ্শন কৰা হয় মণিপুৰৰ চলচ্চিত্ৰ পৰিচালক অৰিবাম শ্যাম শর্মাৰ 'ইশানু'। লগতে পৰিচালকগৰাকীৰ আন দুখন চলচ্চিত্র 'ইমাগি নিংথেম' আৰু চানাবিত প্রদর্শিত হ'ব এই মহোৎসৱত। অষ্টদশ আন্তঃজাতিক গুৱাহাটী চলচ্চিত্র মহোৎসৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাই প্ৰদৰ্শন কৰা হ'ব । তেওঁ অভিনয় কৰা লগতে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাদেৱে পৰিচালনা কৰা অসমীয়া ছবি 'দীনবন্ধু' ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-ima-2026-02-14-23-18-12.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us