/asomiyapratidin/media/media_files/2026/01/29/bfg-2026-01-29-20-15-52.jpeg)
ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱত দ্য অসম চিভিল ছ'চায়িটীয়ে এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত উল্লেখ কৰে যে- মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণৰ পাছৰ পৰাই বিগত প্রায় পাঁচ বছৰে হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ পৰিসীমাৰ বাহিৰলৈ গৈ সাম্প্রদায়িক বিদ্বেষ বিয়পোৱাৰ কার্যক অন্যতম ৰাজনৈতিক এজেণ্ডা হিচাপে গ্রহণ কৰি আহিছে। আইনৰ শাসনৰ সলনি সাম্প্রদায়িক বিভাজন আৰু ছলাহী কথাৰ জৰিয়তে ৰাজ্যখন শাসন কৰাৰ কৌশল গ্রহণ কৰিছে। ৰাজ্যৰ গণতান্ত্রিক তথা সচেতন জনসাধাৰণৰ লগতে অসম চিভিল ছ'চাইটিয়ে ৰাজ্যৰ প্রশাসনৰ সাংবিধানিক দায়িত্বত থকা মুখ্যমন্ত্রী গৰাকীৰ প্ৰৰোচনামূলক বক্তব্যৰ বিৰুদ্ধে পূর্বেও কেইবাবাৰ প্রতিবাদ সাব্যস্ত কৰিছিল। কিন্তু লক্ষ্য কৰা গৈছে যে গণতান্ত্রিক প্রতিবাদৰ প্রতি মুখ্যমন্ত্রী গৰাকীয়ে কেৱল অৱজ্ঞা প্রকাশ কৰাই নহয়, বৰঞ্চ পূর্বতকৈয়ো অধিক তীক্ষ্ণ সাম্প্রদায়িক মন্তব্য আগবঢোৱা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-image-2026-01-29-20-16-16.jpeg)
সম্প্রতি হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ মন্তব্য কৰিছে যে, তেওঁ মুখ্যমন্ত্রী হৈ থকালৈকে মিঞাক কষ্ট দি থাকিবই। মুখ্যমন্ত্রীৰ প্রৰোচনাতে ইতিমধ্যে উজনি অসমৰ কিছু জিলাত উত্তেজনাৰ সৃষ্টি হৈছে। প্রৰোচনাৰ ফলত সংঘটিত যিকোনো ঘটনাৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দায়ী হ'ব। মুখ্যমন্ত্রীৰ ঘৃণা ভাষণৰ বিৰুদ্ধে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়তো ব্যাপক প্রতিক্রিয়া হোৱা লক্ষ্য কৰা গৈছে। ছিডনী, ডিজাপুৰ, ভাৰতৰ বিভিন্ন মহানগৰৰ আদিৰ পৰাও সচেতন বুদ্ধিজীবীয়ে প্রতিবাদ কৰি বিবৃতি প্রদান কৰিছে। মুখ্যমন্ত্রীব ঘৃণা বক্তব্যই দেশ তথা বিশ্বত অসমৰ মর্যাদা অৱনমিত কৰিছে। বিদ্বেষমূলক ভাষণকাৰীৰ বিৰুদ্ধে আৰক্ষী বিভাগক ছুঅ'মট' এজাহাৰ প্রদান কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ষ্টেণ্ডিং অর্ডাৰ থকাৰ পাছতো অসম আৰক্ষীয়ে এই ক্ষেত্রত কোনো উদ্যোগ গ্রহণ কৰা নাই। অসম আৰক্ষীয়ে আইনী ব্যবস্থা গ্রহণৰ ক্ষেত্ৰত অধিক পলম কৰিলে অসম চিভিল ছ'চায়িটীয়ে নিজাববীয়াকৈ আইনী প্রক্রিয়া গ্রহণ কৰিবলৈ বাধ্য হ'ব।
মুখ্যমন্ত্রী গৰাকীয়ে তথাকথিত মিঞা বিৰোধী প্রৰোচনাৰ জৰিয়তে বঙ্গমূলীয় অসমীয়া মুছলমান সকলক বৃহত্তৰ অসমীয়া সমাজখনৰ পৰা পৃথকীকৰণৰ সর্বনশীয়া উদ্যোগ গ্রহণ কৰিছে। একে সময়তে, অসমৰ মুছলমান সমাজৰ দুগৰাকী ঐতিহাসিক ব্যক্তি বাঘ হাজৰিকা আৰু আজান ফকিৰক নস্যাৎ কৰি অসমৰ সামগ্রিক মুছলমান সমাজখনত মূলসূতিৰ অসমীয়া সমাজৰ পৰা নিলগ কৰিবলৈ পৰিকল্পিত ষড়যন্ত্র চলাইছে। অসম বিধান সভাৰ আগন্তুক নির্বাচনক উপলক্ষ্য কৰিয়েই মুখ্যমন্ত্রী গৰাকীয়ে বিভাজনৰ ৰাজনীতি চলাইছে যদিও অসম তথা অসমীয়াৰ সমাজত ইয়াৰ কুফল সুদৰপ্রসাৰী হ'ব সেয়া নিশ্চিত। অসম চিভিল ছ'চাইটিয়ে অসমৰ জনসাধাৰণ, বিশেষকৈ ধর্মীয় সংখ্যালঘু সম্প্রদায়ক সকলো ধৰণৰ প্রৰোচনাৰ বিৰুদ্ধে সতর্ক হৈ ধৈর্য ধৰি থাকিবলৈ আৰু ৰাজ্যৰ গণতান্ত্রিক আৰু ধর্মনিৰপেক্ষ শক্তিৰ প্রতি আস্থা ৰাখিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us