গুৱাহাটী বিমানবন্দৰত উদযাপন কৰিলে ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস

বিমানবন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া মুকেশ নানকানী আৰু মুখ্য বিমানবন্দৰ সুৰক্ষা বিষয়া অৰৱিন্দ কুমাৰ সিঙে যুটীয়াভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোমবাৰে ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। বিমানবন্দৰৰ টাৰ্মিনেল ১-ৰ সন্মুখত থকা ভিআইপি পাৰ্কিং এলেকাত এক বৰ্ণিল কাৰ্যসূচীৰ আয়োজন কৰা পৰিলক্ষিত হয়।  

WhatsApp Image 2026-01-27 at 3.18.48 PM

উল্লেখ্য যে, বিমানবন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া মুকেশ নানকানী আৰু মুখ্য বিমানবন্দৰ সুৰক্ষা বিষয়া অৰৱিন্দ কুমাৰ সিঙে যুটীয়াভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দুয়োগৰাকী বিষয়াই দেশৰ সংবিধানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ লগতে শেহতীয়াকৈ কাৰ্যক্ষম হোৱা নতুন টাৰ্মিনেল ২ ৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। তেওঁলোকে এই নতুন টাৰ্মিনেলটো সফলভাৱে মুকলি কৰাৰ আঁৰত থকা সকলো বিভাগৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক ভূয়সী প্ৰশংসা কৰে।বিমানবন্দৰৰ কৰ্মচাৰীসকলে বিভিন্ন দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰাৰ লগতে নৃত্যও পৰিৱেশন কৰে। 

WhatsApp Image 2026-01-27 at 3.18.49 PM

প্ৰণিধানযোগ্য যে,অনুষ্ঠানৰ শেষৰ ফালে এক বিশেষ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰে। বিমানবন্দৰৰ সুচাৰু পৰিচালনাত বিশেষ অৱদান আগবঢ়োৱা কাষ্টমছ, ইমিগ্ৰেচন, চিআইএছএফ আৰু টাৰ্মিনেল অপাৰেচনৰ বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ উৎকৃষ্ট সেৱাৰ বাবে সন্মান জনোৱা হয়। 

WhatsApp Image 2026-01-27 at 3.18.50 PM (1)

গুৱাহাটী