অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ সদস্যতা ভৰ্তি অভিযানঃ দলীয় কৰ্মীক শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীৰ

অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ সদস্যতা ভৰ্তি অভিযানঃ দলীয় কৰ্মীক শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীৰ
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ সদস্যতা অভিযান ভাৰতীয় জনতা পাৰ্টীৰ বাবে এটা পবিত্ৰ মহাযজ্ঞ। আমাৰ দল কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ দলৰ কাৰ্যকৰ্তা হ’ল এক জীৱন্ত শক্তি। কাৰ্যকৰ্তাসকলৰ জীৱন্ত শক্তিয়ে আমাৰ দলটোক জীৱন্ত কৰি ৰাখে, আমাৰ দলটোক প্ৰাণৱন্ত কৰি ৰাখে- এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত দলৰ সদস্যতা অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি আজি এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণত তেওঁ কয় যে, পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি আমাৰ দলে ভাৰতীয় গণতন্ত্ৰৰ এক নতুন প্ৰমূল্য স্থাপন কৰিছে। আমি যদি চাবলৈ যাওঁ, ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটল বিহাৰী বাজপেয়ীলৈ, লালকৃষ্ণ আদৱানিৰ পৰা অমিত শ্বাহ, জেপি নাড্ডালৈকে কোনো এটা পৰিয়ালৰ পৰা কোনো এগৰাকী সভাপতি দ্বিতীয়বাৰলৈ নিৰ্বাচিত হ’ব পৰা নাই।

লগতে কয় যে, আজি লালকৃষ্ণ আদৱানিৰ পিছত তেওঁৰ পৰিয়াল, অটল বিহাৰী বাজপেয়ীৰ পিছত তেওঁৰ পৰিয়াল, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পিছত তেওঁৰ পৰিয়াল, অমিত শ্বাহৰ পিছত তেওঁৰ পৰিয়াল, জেপি নাড্ডাৰ পিছত তেওঁৰ পৰিয়াল এনেকুৱা ধৰণৰ পৰম্পৰা নথকা খুব সম্ভৱ ভাৰতৰ কেইটামান ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ প্ৰমুখ আৰু শক্তিশালী ৰাজনৈতিক দল হ’ল ভাৰতীয় জনতা পাৰ্টী।

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছ বুলি ক’লেই যেনেকৈ এটা পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে, ভাৰতীয় জনতা পাৰ্টী বুলি ক’লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে। ইয়াৰ পৰিৱৰ্তে বুথৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰীৰ আসনলৈ যাব পৰা কিছুমান নিজকে ৰাষ্ট্ৰৰ হকে উছৰ্গা কৰা মানৱৰ চিত্ৰ আমাৰ সন্মুখলৈ আহি পৰে।

আজি যদি আমি চাবলৈ যাওঁ আমাৰ দলৰ প্ৰত্যেকজন ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ত তেওঁলোকৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমৰ্পণৰ মনভাৱেৰে দেশমাতৃৰ কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। এইক্ষেত্ৰত উদাহৰণস্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱন-যাত্ৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সাধাৰণ প্ৰচাৰকৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনত দিনে নিশাই কাম কৰি কাৰ্যকৰ্তা হিচাপে নিজৰ পূৰ্ণতা প্ৰাপ্তি হোৱাৰ পিছত তেখেতে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ জীৱন-যাত্ৰাৰ বিষয়ে উল্লেখ কৰি এগৰাকী ছাত্ৰনেতা তথা বিজেপিৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে তেওঁ কাম কৰি আজি তেওঁ কেনেদৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসন অলংকৃত কৰিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। একেদৰে তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ জীৱন-যাত্ৰাৰ বিষয়েও উল্লেখ কৰে।

তেওঁ কয় যে, আজি আমি গৌৰৱ অনুভৱ কৰো কিয়নো এই দলটোত পিতৃ পৰিচয়ৰ কোনো প্ৰয়োজন নাই। এই দলটোত মাতৃ পৰিচয়ৰ প্ৰয়োজন নাই। এই দলটোত মাত্ৰ এটাই প্ৰয়োজন আছে যে মই ভাৰত মাতৃৰ বাবে সমৰ্পিত একো একোজন আত্মবিশ্বাসী কাৰ্যকৰ্তা। এই দলটোৰ এই বিশেষত্বই এই দলটোক আজি বিশ্বৰ সৰ্বোত্তম, সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ পৰিণত কৰিছে। চাইনীজ কমিউনিষ্ট পাৰ্টীক পিছ পেলাই আজি ভাৰতীয় জনতা পাৰ্টী বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে।

বিজেপিয়ে পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি ভাৰতীয় গণতন্ত্রত এক নতুন প্রমূল্য স্থাপন কৰিছে। কংগ্রেছ বুলি ক'লেই যেনেকৈ এটা পৰিয়ালৰ চিত্ৰ আমাৰ মনলৈ আহে, তেনেকৈ ভাৰতীয় জনতা পার্টি বুলি ক'লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে, তাৰ পৰিৱৰ্তে বুথ পৰ্যায়ৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰী পদবীলৈকে যাব পৰা তথা নিজকে ৰাষ্ট্ৰৰ হকে উৰ্চগা কৰা ব্যক্তিৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে।

বিজেপিৰ প্ৰত্যেকজন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ৰ পৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমর্পণ মনোভাৱেৰে দেশমাতৃৰ হকে কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সর্বোচ্চ পদলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। এই দলটোত পিতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই। বিজেপিৰ প্ৰতিগৰাকী সদস্যই ভাৰত মাতৃৰ প্ৰতি একোজন সমর্পিত কার্যকর্তা। এই বিশেষত্বই দলটোক আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ পৰিণত কৰিছে।

তেওঁ পুনৰ কয় যে, আজি আমি দেখা পাওঁ যে বিগত জনসংঘৰ দিনৰ পৰা জেপি নাড্ডাৰ কাৰ্যকাললৈকে যেনেকৈ এটা পৰিয়ালৰ পৰশ এই দলটোত দেখা পোৱা নাযায়, তেনেকৈ অনাগত ১০০, ২০০ বছৰ কালো আমাৰ দলৰ ভেটি ইমানেই শক্তিশালী এই দলটো কেতিয়াও কোনো কাৰণতে এটা পৰিয়ালৰ হাতলৈ যাব নোৱাৰে, তেনেকুৱা ব্যৱস্থা আমাৰ দলটোত আজি নিৰ্মাণ কৰা হৈছে, তেনেকুৱা ভেটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ কাৰ্যকৰ্তাসকলৰ শক্তি।

আজিৰ এই দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ কাৰ্যকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে সংগঠন পৰ্ব আমাৰ সংগঠনৰ শ্ৰেষ্ঠতম পৰ্ব। এই সংগঠন পৰ্বৰ সময়ত আমি পুৰণি সদস্যসকলে নিজৰ সদস্যতা নৱীকৰণ কৰো। যিসকল ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আমি সকলোৱে গৌৰৱেৰে সৈতে আকৌ এবাৰ সদস্য পদ নৱীকৰণ কৰো। নৱীকৰণ, সদস্য হোৱাৰ পিছত আমাৰ দায়িত্ব হ’ল আমাৰ দলক ভালপোৱা, ভাৰত মাতৃৰ বাবে কাম কৰিবলৈ আগ্ৰহী, আমাৰ শুভাকাংক্ষীসকলক আমাৰ দলৰ একো একোজন কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনোৱা। একো একোজন পুৰণি কাৰ্যকৰ্তাই দহৰ পৰা এশলৈ, এশৰ পৰা এহেজাৰজনলৈ কাৰ্যকৰ্তা বনোৱাৰ সংকল্প আকৌ এবাৰ মনত স্থিতপ্ৰজ্ঞৰ দৰে সংৰোপণ কৰি ল’ব লাগে।

কালি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতী জনতা পাৰ্টীৰ সদস্য পদ নৱীকৰণ কৰিছিল, তেতিয়া তেওঁ আহ্বান জনাইছিল যে ১৮ বছৰৰ পৰা ২৫ বছৰলৈ এই নতুন প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনাব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো এজন লোকে যেতিয়াই ভোটাধিকাৰৰ বয়স লাভ কৰে তেতিয়াই তেওঁ ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহণ কৰিব পাৰে। ৰাজনৈতিক দলৰ এইটো এটা দায়িত্ব বুলিও তেওঁ ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ বাৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সদস্য হ'বলৈ পাই সঁচাকৈয়ে গৌৰৱান্বিত বুলি প্ৰকাশ কৰে।

আনহাতে ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে, দলৰ সংবিধান অনুসৰি প্ৰতি ৬ বছৰ মূৰে মূৰে সদস্যতা ভর্তি অভিযান অনুষ্ঠিত হৈ আহিছে। সেই অনুসৰি এইবাৰো সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৰাজ্যিক পর্যায়ত এই অভিযান আৰম্ভ হৈছে। অহা ২৫ ছেপ্তেম্বৰৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বার্ষিকীলৈকে সমগ্র দেশজুৰি ১০ কোটি সদস্য অন্তর্ভুক্তিৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ১৯৮০ চনৰ ৬ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টীয়ে কেনেদৰে জন্ম লাভ কৰিছিল সেই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে।

তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰ পৰাই এখন সংবিধান মানি চলি আহিছে। এই অনুসৰি আগতে ২ বছৰীয়া কাৰ্যকাল আৰু ৪ বছৰীয়া সদস্যতা অভিযান আছিল। যেতিয়া আমাৰ কাৰ্যকাল ৩বছৰীয়া হ’ল, তেতিয়া সদস্যতা ৬ বছৰলৈ বৃদ্ধি কৰা হ’ল আৰু এতিয়া প্ৰতি ৬ বছৰৰ মূৰে মূৰে সদস্য নৱীকৰণ আৰু নতুন কিছু ব্যক্তিক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হয় বুলি তেওঁ ভাষণত উল্লেখ কৰে।

ভাষণত তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক প্ৰশংসাৰে ওপচাই দিয়ে। তেওঁ কয় যে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰখনে ১ লাখ ২৩ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছে। এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰখনে ক্ষীপ্ৰতাৰে কাম কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰে পৰা সমগ্ৰ অসমৰ প্রতিটো মণ্ডলতে সদস্যতা ভর্তি অভিযান কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যিকৰ পৰা প্ৰেৰণ কৰা প্রতিনিধিসকল উক্ত কার্যক্রমত উপস্থিত থাকে।

উল্লেখ্য যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টিয়ে সমগ্র দেশজুৰি 'সদস্যতা ভর্তি' অভিযান আৰম্ভ কৰিছে। যোৱা ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্রথমজন কার্যকর্তা হিচাপে সদস্য পদ গ্রহণ কৰাৰ পিছত আজি বিজেপি শাসিত প্রতিখন ৰাজ্যতে মুখ্যমন্ত্রীসকলে দলৰ সদস্য পদ গ্ৰহণ কৰে। সেই অনুসৰি আজি সাধাৰণ সম্পাদক তথা 'সদস্যতা ভর্তি অভিযান ২০২৪'ৰ আহ্বায়ক পল্লৱ লোচন দাসৰ তত্বাৱধানত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই, দলৰ সভাপতি ভৱেশ কলিতাৰ পৰা সদস্য পদ গ্রহণ কৰে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, দলৰ জ্যেষ্ঠ নেতা নাৰায়ণ বৰকটকী, বিজয়া চক্ৰৱৰ্তী, মনোজ ৰাম ফুকন, শৈল কুমাৰী সিনহা, মহাবীৰ স্বামী, কুইন ওজাৰ লগতে প্রায় পাঁচ শতাধিক কার্যকর্তা অনুষ্ঠানত উপস্থিত থাকি এই বিশেষ মুহূৰ্তৰ সাক্ষী হৈ ৰয়।

অসমীয়া বিজেপি বাৰ্তাৰ ছেপ্টেম্বৰ সংখ্যাটি উন্মোচন ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র "অমসীয়া বিজেপি বাৰ্তাৰ অষ্টম বৰ্ষৰ, নৱম সংখ্যক খণ্ডটি আজি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই উন্মোচন কৰে। তেওঁ কয়, এই মুখপত্রই দলৰ নীতি-আদৰ্শৰ লগতে চৰকাৰৰ কৰ্মৰাজিও ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছে। দলীয় কার্যকৰ্তাৰ লগতে প্ৰতিজন পাঠকৰ বাবে "অসমীয়া বিজেপি বার্তা" অধ্যয়নৰ সমল হ'ব পাৰে। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস, মিডিয়া পেনেলিষ্ট ব্রজেন মহন্তও উপস্থিত আছিল।

স্মৰ্তব্য যে, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সদস্যতা অভিযান কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ লগে লগে এতিয়াৰে পৰা ১৮ৰ পৰা ২৫ বছৰৰ যিকোনো লোকে বিজেপি দলত যোগদান কৰিব পাৰিব। উল্লেখ্য যে, 8800002024 নম্বৰত বা NaMo App-ৰ জৰিয়তে মিছড্ কল দিও বিজেপিত সদস্য হিচাপে ভৰ্তি হ’ব পাৰিব৷

অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ সদস্যতা ভৰ্তি অভিযানঃ দলীয় কৰ্মীক শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীৰ
ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in