ডিজিটেল ডেস্কঃ কেৱল ভেকো-ভাওনাত পৰিণত হৈছে অসম বিধানসভাৰ 'স্পিকাৰ্ছ ইনিচিয়েটিভ 'নামৰ কাৰ্যসূচীটো। ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ নিমিত্তে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আৰম্ভ কৰা এই কাৰ্যসূচীটোৰ জৰিয়তে ৰাইজৰ ধন ব্যয় কৰাৰ বাহিৰে কোনো সমস্যাৰ সমাধানৰ বাবে বাস্তৱ কাৰ্যপন্থা গ্ৰহণ কৰিব পৰা নাই। বৰ্তমানৰ লৈকে এই কাৰ্যসূচীৰ অধীনত আলোচনা হোৱা সৰহসংখ্যক সমস্যাই কেৱল আলোচনাৰ মাজতেই সীমাৱদ্ধ হৈ থাকিল। ইয়াৰ জলন্ত প্ৰমাণ হৈছে চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়।
১৯৪৭ চনৰ ১৫ আগষ্টত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন আনুষ্ঠানিক কলা শিক্ষানুষ্ঠান গুৱাহাটী স্কুল অৱ আৰ্টছ এণ্ড ক্ৰাফট আৰু পিছলৈ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। প্ৰতিষ্ঠা লাভ কৰাৰে পৰা এই শিক্ষানুষ্ঠানৰ পৰাই জন্ম হৈছে বহু প্ৰতিভাৰ গৰাকীৰ। শিক্ষানুষ্ঠানৰ লগত কলাগুৰু বিষ্ণু ৰাভা, ভুপেন হাজৰিকাৰ পৰা আদি কৰি বেণু মিশ্ৰ, নীল পৱন বৰুৱাৰ দৰে ব্যক্তিৰ দূৰদৰ্শী চিন্তাৰ লগতে নিহিত হৈ আছে তেওলোকৰ অসীম ত্যাগ।
সাতোটা দশক গৰকা অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ একমাত্ৰ এই মহাবিদ্যালয়খন বৰ্তমান বুৰ গৈ আছে এশ এবুৰি সমস্যাত। বিদ্যায়তনিক দিশৰ পৰা আন্তগাথনি আৰু প্ৰশাসনীয় দিশৰ কেইবাটাও সমস্যাৰ সমাধানৰ বাবে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই বিভাগীয় মন্ত্ৰীক বহুবাৰ লগ ধৰিছে যদিও এতিয়ালৈকে কোনো সুফল লাভ কৰা নাই। ছাত্ৰ একতা সভাৰ দাবীত মহাবিদ্যালয়খনৰ সমস্যাৰাজি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত শীতকালীন অধিৱেশনতো আলোচনা হৈছিল, কিন্তু আজিকোপতি নোলাল সমাধানৰ পথ।
ইফালে গুৱাহাটীস্থিত মহাবিদ্যালয়খনৰ সমস্যাৰাজিক লৈ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ একতা সভাই তীব্ৰ প্ৰতিক্ৰিয়ী প্ৰকাশ কৰি কয় যে- ১৯৪৭ চনতে স্থাপিত মহাবিদ্যালয়খনৰ সমস্যাৰাজিক কোনো ধৰনৰ গুৰুত্ব নিদিলে চৰকাৰে। মহাবিদ্যালয়খনৰ প্ৰতিতো বিভাগত প্ৰৱক্তা পদ খালী হৈ থকাৰ বাবে চিত্ৰকলা বিভাগত যোৱা ৫ মাহৰ পৰা প্ৰৱক্তাৰ সংখ্যা শূ্ণ্য। মহাবিদ্যালয়খন সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ হোৱাৰ হেতুকে সৰ্বভাৰতীয় বিশ্ববিদ্যালয় আয়োগ নীতিৰ ৪ বছৰীয়া ষান্মাসিক পাঠ্যক্ৰমৰ সলনি প্ৰচলিত হৈ আছে আওপুৰণি পাঠ্যক্ৰম।
ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সমুজ্জল শইকীয়াই অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ সন্মুখত লগতে কয় যে – অসম তথা উত্তৰ-পূবৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে মহাবিদ্যালয়খনলৈ অধ্যয়নৰ বাবে আহে যদিও ইয়াত নাই কোনো ছাত্ৰৱাস বা ছাত্ৰীনিৱাস। লগতে মহাবিদ্যালয়খনৰ ভূমি বেদখল কৰাৰো দাবী তোলে সাধাৰণ সম্পাদকগৰাকীয়ে।
বিধানসভাৰ মজিয়াত শিক্ষা-বিভাগৰ অভাৱ-অভিযোগৰ সন্দৰ্ভত আলোচনা কৰাৰ পিছতো মহাবিদ্যালয়খনৰ সমস্যা সমাধান নোহোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে অচিৰেই সমস্যাসমূহ সমাধানৰ বাবে বিভাগীয় মন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই।