/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/gold-1.jpg)
ডিজিটেল সংবাদ, আজাৰাঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত সোমবাৰে পুৱাই এজন লোকৰ পৰা জব্দ কৰা হয় প্ৰায় ২ কোটি টকা মূল্যৰ সোণৰ বিস্কুট। কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চিআইছএছএফে নিয়মীয়া তালাচীৰ সময়তে এই সাফল্য অৰ্জন কৰে।
চিআইএছএফৰ সূত্ৰই জনোৱা মতে, হেণ্ডবেগ এখনত ৬.৫ কিলোগ্ৰাম ওজনৰ সোণৰ বিস্কুটখিনি আনিছিল লালথিথাল লিয়ানা নামৰ এজন যাত্ৰীয়ে। নিয়মীয়া চেকিঙৰ সময়তে লোকজনৰ বেগত সোণখিনি থকাটো ধৰা পেলায় কৰ্তব্যৰত চিআইএছএফে।
জানিব পৰা মতে, লিয়ানাই এয়াৰ ইণ্ডিয়াৰ AI730 বিমানযোগে গুৱাহাটীৰ পৰা কলকাতা অভিমুখে যাবলৈ যো-জা চলাইছিল। অধিক তথ্যৰ বাবে লিয়ানাক জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us