গুৱাহাটী ৰে’ল ষ্টেচনত চোৰাং সোণসহ আটক সৰবৰাহকাৰী

গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ চোৰাং সোণ জব্দ

author-image
Asomiya Pratidin
New Update
গুৱাহাটী ৰে’ল ষ্টেচনত চোৰাং সোণসহ আটক সৰবৰাহকাৰী

ডিজিটেল ডেস্কঃ মঙলবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত পুনৰ জব্দ কৰা হয় চোৰাং সোণ। চৰকাৰী ৰেলৱে আৰক্ষীৰ বিশেষ অভিযানত জব্দ কৰা হয় এই চোৰাং সোণখিনি। এই অভিযানত চোৰাং সোণ জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীকো আটক কৰিবলে সক্ষম হয় আৰক্ষী।

Advertisment

জানিব পৰা মতে, জব্দকৃত চোৰাং সোণখিনিৰ ওজন প্ৰায় ৫০০ গ্রাম। তেজছ এক্সেপ্রেছৰ পৰা চৰকাৰী ৰেলৱে আৰক্ষীয়ে জব্দ কৰে চোৰাং সোণখিনি। সোণখিনি আগৰতলাৰ পৰা ৰাজস্থানলৈ সৰবৰাহ চেষ্টা কৰা হৈছিল বুলিও জানিব পৰা গৈছে।

Also Read: কবিৰাজী চিকিৎসাৰ নামত নিৰ্মম প্ৰহাৰ : অন্ধবিশ্বাসৰ বলি হৈ মৃত্যু এমহীয়া শিশুৰ

gold seized