গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃক্ষ ৰোপন-গছপুলি বিতৰণেৰে স্বাধীনতা দিৱস পালন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃক্ষ ৰোপন-গছপুলি বিতৰণেৰে স্বাধীনতা দিৱস পালন

ডিজিটেল ডেস্কঃ ৭২ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। জি এম চি এইচৰ অধীক্ষকৰ কাৰ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়খনৰ উদ্যোগত আয়োজিত এই স্বাধীনতা দিৱস উপলক্ষে গছপুলি ৰোপনৰ লগতে পুলি বিতৰণৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়।

চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰী তথা ৰোগী এটেন্ডেন্সৰ মাজত প্ৰায় ২ হাজাৰ গছপুলি বিতৰণ কৰা হয়। এই অনুষ্ঠানত বন বিভাগৰ লোকো উপস্থিত থাকে।

প্ৰতিবছৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। এইবাৰ প্ৰথমবাৰৰ বাবে চিকিৎসা মহাবিদ্যালয়খনত বৃক্ষৰোপনৰ লগতে গছপুলি বিতৰণৰ কাৰ্যসূচীও গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in