Advertisment

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

author-image
asomiyapratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

ফাইল ফটো

ডিজিটেল সংবাদ, গুবাহাটী: গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ তৰ্ক আলোচনাচক্ৰ বিভাগৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত অনলাইন বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ১৯ডিচেম্বৰ ২০২১ তাৰিখে ঘোষণা কৰা হয়। "ড৹ ভূপেন হাজৰিকাৰ গীতত জাতীয়তাবাদ" বিষয়ক বক্তৃতা ভিডিঅ প্ৰেৰণৰ অন্তিম তাৰিখ আছিল ৯ নবেম্বৰ ২০২১। উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ তৰ্ক আলোচনাচক্ৰ সম্পাদক বিজয়লক্ষ্মী বৰাই স্নাতকোত্তৰ ছাত্ৰসন্থাৰ ফেচবুক পেজ যোগে আঁত ধৰা অনুষ্ঠানৰ যোগেদি ফলাফল সমূহ ঘোষণা কৰে। উপস্থিত আছিল বিচাৰকদ্বয় জেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা আৰু শিক্ষক চিন্ময়ী গোস্বামী।

Advertisment

এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে যোৰহাট জিলাৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষাণ্মাসিক ছাত্ৰী গায়ত্ৰী দত্তই। দ্বিতীয় স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ তৃতীয় ষাণ্মাসিক ছাত্ৰ ধ্ৰুৱজ্যোতি গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰী অক্ষয়া ৰণধীৰে। বিজয়ীসকলক তৰ্ক আলোচনাচক্ৰৰ বিভাগৰ তত্বাৱধায়ক বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মূৰব্বী অধ্যাপক ড৹ ৰাজীৱ সন্দিকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক পাৰ্শ্ব পাটগিৰীয়ে শুভেচ্ছা প্ৰদান কৰে।