মহানগৰীৰ ৰেডিচন ব্লু হোটেলৰ সমীপত বন্দুকসহ যুৱকক আটক!

  • মহানগৰীৰ তেতেলিয়াত বন্দুক দেখুৱাই ভাবুকি যুৱকৰ।
  • ৰেডিচন ব্লু হোটেলৰ সমীপত এই ঘটনা সংঘটিত হৈছে।
  • প্ৰথমে এঘৰ লোকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল যুৱকজন।
  • তাৰ পাছতে যুৱকজনে বন্দুক দেখুৱাই বুলি জানিব পৰা গৈছে।
  • যুৱকজনৰ নাম ধ্ৰুৱজ্যোতি চেতিয়া (৩০)।
  • তেওঁ বন্দুকটো ফাচীঁবজাৰৰ ৰাজধানী গান হাউচ নামৰ বিপণীৰ পৰা ক্ৰয় কৰা বুলি আৰক্ষীক জানিবলৈ দিছে।
  • ইফালে বন্দুকটো নকল বুলি আৰক্ষীক জানিবলৈ দিছে যুৱকজনে।
  • বৰ্তমান জালুকবাৰী আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে যুৱকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in