অনুৰাধা চিনেমা হল প্ৰাংগনত ৰোগ প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত

ৰোগ প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা শিবিৰত পেথকাইণ্ড লেৱোৰেটৰীয়ে বীনামূলীয়াকৈ চুগাৰ, থাইৰয়ড, কলেষ্টৰল পৰীক্ষা কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-10 at 12.58.05 PM

ডিজিটেল ডেস্কঃ ডঃ ফণী শৰ্মা ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত আৰু অসম স্বাস্থ্য সেৱা সমবায়ৰ দ্বাৰা মহানগৰীৰ অনুৰাধা চিনেমা হল প্ৰাংগনত ৰোগ প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। প্ৰায় ৫০ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰে এই স্বাস্থ্য পৰীক্ষা শিবিৰত । 

WhatsApp Image 2026-02-10 at 12.53.19 PM

উল্লেখ্য যে, এই শিবিৰত পেথকাইণ্ড লেৱোৰেটৰীয়ে বীনামূলীয়াকৈ চুগাৰ, থাইৰয়ড, কলেষ্টৰল পৰীক্ষা কৰে। সমবায়ৰ ডিৰেক্টৰ ডাঃ ভূপেন্দ্ৰ দেৱ শৰ্মা আৰু ডাঃ নৃপেন বৰকটকীয়ে শিবিৰত উপস্থিত লোকসকলৰ স্বাস্থ্যৰ বুজ লৈ গঠন মূলক উপদেশ দিয়ে। ইপিনে ডিৰেক্টৰ উৎপল বৰুৱা আৰু সৰোজ শৰ্মাসহ সমুজ্জল ভট্টাচাৰ্যই শিবিৰটো পৰিচালনা কৰে।

WhatsApp Image 2026-02-10 at 12.53.31 PM

গুৱাহাটী