/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f986f20b-59f9-44b7-9a36-a5a628ba2b58/h talukdar 30.jpg)
প্ৰাক্তন বেংকাৰ তথা সমাজসেৱক হৰিহৰ তালুকদাৰ আৰু নাই...
ডিজিটেল ডেস্কঃ ইণ্ডাষ্ট্ৰিয়েল কো-অপাৰেটিভ বেংক লিমিটেড আৰু ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেডৰ প্ৰাক্তন সঞ্চালক হৰিহৰ তালুকদাৰ আৰু নাই। যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা তালুকদাৰে আজি পুৱা ৬-৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
উত্তৰ পূৰবাঞ্চলৰ নগৰ সমবায় বেংকিং ক্ষেত্ৰখনৰ শীৰ্ষস্থানীয় ব্যক্তি হৰিহৰ তালুকদাৰ আছিল NAFCUB ৰ অসমৰ সম্পাদক। ইয়াৰোপৰি গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৱাহাটী পাব্লিক স্কুল প্ৰতিষ্ঠা হোৱাৰে পৰা এই শিক্ষানুষ্ঠানৰ সৈতে জড়িত হৈ আছিল তালুকদাৰ। মৃত্যুৰ সময়লৈকে তেওঁ এই শিক্ষানুষ্ঠানখনৰ ব’ৰ্ড অফ গভৰ্নৰৰ সভাপতি হিচাপে দায়িত্বত আছিল।
পাঠশালাত ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা তালুকদাৰে মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁৰ বৃত্তিৰ সৈতে জড়িত হৈ পৰে আৰু পৰৱৰ্তী সময়ত কামৰ মাজৰেই বাণিজ্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তালুকদাৰে ইহ সংসাৰত তেওঁৰ পত্নী তথা কবি, অসম ৰাজ্যিক মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ হিচাৰে দায়িত্ব পালন কৰা বিজেপি নেত্ৰী চিকিমিকি তালুকদাৰ, জীয়ৰী তথা জি এম চিৰ কাউন্সিলৰ আৰু এম আই চি সদস্য মেঘ্না হাজৰিকা, পুত্ৰ তথা এ পি এছ বিষয়া লুইত তালুকদাৰ, জোঁৱাই সৌৰভ হাজৰিকা, বোৱাৰী পল্লৱী কলিতা, তিনি নাতিৰ লগতে আন বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে।
গুৱাহাটী মহানগৰীৰ শিলপুখুৰীত অৱস্থিত নৱগ্ৰহ স্মশানত তেওঁৰ বহু গুণমুগ্ধ, স্থানীয় বাসিন্দা আৰু আত্মীয় স্বজনৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।
Also Read: ৫ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ তৎপৰতাঃ সমষ্টি ভিত্তিত গঠন কৰিলে ৫ জনীয়া বিশেষ কমিটী...