ডিজিটেল ডেস্ক: বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত বীৰেণ দত্তৰ সহধৰ্মিণী ইভা দত্ত আৰু নাই। শুকুৰবাৰৰ পুৱতি নিশা ১-২০ বজাত মহানগৰীৰ হেলথ চিটিত শেষ নিশ্বাস ত্যাগ কৰে ইভা দত্তই।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। তেওঁ এগৰাকী সু চিত্ৰ শিল্পী আছিল।
যোৱা ২মাহ ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ। এগৰাকী ভাস্কৰ্য আৰু মৃণ্ময় শিল্পী হিচাপেও তেখেতৰ সুনাম আছিল।