ড্ৰাগছ দাহন কাৰ্যসূচী : নষ্ট কৰা হ'ব ৯,০৭৭ কেজি গাঞ্জাৰ, ১.৫১ কোটি বিদেশী চিগাৰেট

ড্ৰাগছ দাহন কাৰ্যসূচী : নষ্ট কৰা হ'ব ৯,০৭৭ কেজি গাঞ্জাৰ, ১.৫১ কোটি বিদেশী চিগাৰেট

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে গুৱাহাটীৰ সাউকুছিত আয়োজন কৰা হৈছে ড্ৰাগছ দাহন কাৰ্যসূচী। এই কাৰ্যসূচীত নষ্ট কৰা হ'ব ৯,০৭৭ কিলোগ্ৰাম গাঞ্জা। লগতে দাহন কৰা হ'ব ১ কোটি ৫১ লাখ বিদেশী চিগাৰেট। শুল্ক বিভাগৰ উদ্যোগত বিনষ্ট কৰা হ'ব নিচাজাতীয় সামগ্ৰীখিনি।

জানিব পৰা মতে, বিনষ্ট কৰিবলগীয়া গাঞ্জাখিনিৰ বজাৰ মুল্য প্ৰায় ১৪,৪৪,৬২,৩৪০ টকা। মুঠ ১০ টা গোচৰৰ ভিত্তিত মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। আনহাতে বিনষ্ট কৰিবলগীয়া বিদেশী চিগাৰেটখিনিৰ বজাৰ মূল্য ২৯,৬৬,৭৬,২০০ টকা বুলি জানিব পৰা গৈছে। মুঠ ৩৫ টা গোচৰৰ ভিত্তিত এই বিদেশী চিগাৰেটসমূহ জব্দ কৰিছিল আৰক্ষীয়ে।

বৃহস্পতিবাৰে গুৱাহাটীৰ সাউকুছিত এই ড্ৰগাছ দাহন কাৰ্যসূচীত উপস্থিত থাকিব শুল্ক বিভাগৰ চেয়াৰমেন সঞ্জয় কুমাৰ আগৰৱাল। দাহন কাৰ্যসূচীৰ শুভাৰাম্ভ কৰিব সঞ্জয় কুমাৰ আগৰৱালে।

ড্ৰাগছ দাহন কাৰ্যসূচী : নষ্ট কৰা হ'ব ৯,০৭৭ কেজি গাঞ্জাৰ, ১.৫১ কোটি বিদেশী চিগাৰেট
২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in