/asomiyapratidin/media/media_files/2026/02/21/new-2026-02-21-21-21-59.jpeg)
ডিজিটেল ডেস্কঃ আজি দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ,অসমে প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ অনুসূচিত জাতিৰ অধিকাৰ আৰু মৰ্যাদাৰ দাবীত নিৰন্তৰ সংগ্ৰাম কৰি অহা সংগঠনটোৱে দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ কনভেনচন চেণ্টাৰত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ পতাকা উত্তোলন,স্মৃতি তৰ্পণ আদি কাৰ্যসূচীৰ পাছতে দুপৰীয়া মুকলি সভা অনুষ্ঠিত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-image-2026-02-21-21-22-25.jpeg)
উল্লেখ্য যে, মুকলি সভাত অতিথি হিচাপে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস,সংগঠনটোৰ সভাপতি হেমন্ত দাস,সাধাৰণ সম্পাদক জনাৰ্দন দাস আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অভিজিৎ দাস আদি উপস্থিত থাকে ৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে সংগঠনটোৰ সৈতে জড়িত সকলো কৰ্মী,সমৰ্থক আৰু সংগ্ৰামী যুৱ-ছাত্ৰ সমাজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ইপিনে অতিথিসকলে সংগঠনটোৰ নেতৃত্বক অনুসূচিত জাতিৰ ন্যায়,অধিকাৰ আৰু সম-অধিকাৰৰ হকে কাম কৰি যাবলৈ অনুৰোধ জনায় ৷
তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ত্যাগ আৰু নিষ্ঠাৰ ফলতেই সংগঠনটোৱে আজি এক শক্তিশালী অৱস্থান লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰে।অনুষ্ঠানত উপস্থিত সকলোৱে সংকল্প গ্ৰহণ কৰে যে অনাগত দিনতো সংগঠনটোৱে অনুসূচিত জাতিৰ সামাজিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত দুগুণ উৎসাহ আৰু শক্তিৰে কাম কৰি যাব। ন্যায় আৰু সমতাৰ সংগ্ৰাম অব্যাহত ৰাখি সংগঠনটোক অধিক শক্তিশালী কৰি তোলাৰ লগতে অনুসূচিত জাতিৰ উন্নয়নৰ পথ সুদৃঢ় কৰাৰো আহ্বান জনোৱা হয়। লগতে এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধি উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-image-2026-2026-02-21-21-22-43.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us