New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/agrani-news.jpg)
- দিছপুৰ বিধায়ক আবাসগৃহত অথন্তৰ।
- আবাসগৃহৰ এ ব্লকত খহি পৰিল লিফটো।
- বদৰপুৰৰ বিধায়ক জামালুদ্দিনৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহিছিল ৭জন লোক।
- আটাইকেইজন লিফটোত উঠাৰ পিছতেই তললৈ খহি পৰে লিফটো।
- বহু সময় ধৰি লিফটৰ ভিতৰত আবদ্ধ হৈ পৰে।
- অক্সিজেনৰ অভাৱত ভুগিছিল লোককেইজনে।
- আবদ্ধ লোককেইজনৰ এজনে ফেচবুক লাইভযোগে সহায় বিচাৰে।
- সেই লাইভ দেখি বিধায়ক আৱাসৰ এজন কৰ্মচাৰীয়ে খবৰ দিছিল আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক।
- খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়হি আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনীৰ দল।
- বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত সুকলমে উদ্ধাৰ কৰে লিফটত আবদ্ধ লোককেইজনক।
- লিফটত আৱদ্ধ লোককেইজনৰ ভিতৰত এজনে মূৰত সামান্য আঘাত পাইছে।
- সুস্থ অৱস্থাত আছে আনকেইজন লোক।