ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..

ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..

author-image
asomiyapratidin
New Update
ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীৰ ৪ গৰাকী আৰক্ষী জোৱানৰ দেহত আজি পুনৰ কভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে । যোৱা তিনি আগষ্টত দুগৰাকী, ৪ আগষ্টত তিনিগৰাকী, ৮ আগষ্টত ১১ গৰাকীৰ দেহত ক'ৰোনা ভাইৰাছ ওলোৱাৰ পাছত আজি পুনৰ চাৰিজনৰ দেহত কভিড-১৯ পজিটিভ হোৱাত আৰক্ষী চকীৰখনৰ আৰক্ষী জোৱান,গৃহৰক্ষী আৰু গাড়ী চালকসহ সৰ্বমুঠ ২০ গৰাকীৰ হয় ৷

Advertisment

আজি কিশোৰ থাপ্পা,প্ৰনৱ শইকীয়া,ক্ষীৰেশ্বৰ ৰাজখোৱা আৰু ভীম চেত্ৰীৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰে ৷ এখন আৰক্ষী চকীত তিনি আগষ্টৰ পৰা ১৪ আগষ্টৰ ভিতৰত মুঠ ২০ গৰাকী আৰক্ষী বিভাগৰ লোকৰ দেহত ক'ৰোনা অৱস্থিতি ধৰা পৰা পাছতো অদ্যাপি স্বাস্থ্য বিভাগ,অথবা আৰক্ষী বিভাগ কিম্বা জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে অঞ্চলতোৰ ৰাইজে ৷