দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি ধৰ্মকান্ত গগৈৰ ‘পদ্মাপাৰৰ বাসিন্দাৰ ৰাজযোগ আৰু দুৰ্নীতি ইত্যাদি’ উন্মোচন…

দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি ধৰ্মকান্ত গগৈৰ ‘পদ্মাপাৰৰ বাসিন্দাৰ ৰাজযোগ আৰু দুৰ্নীতি ইত্যাদি’ উন্মোচন…

author-image
asomiyapratidin
New Update
দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি ধৰ্মকান্ত গগৈৰ ‘পদ্মাপাৰৰ বাসিন্দাৰ ৰাজযোগ আৰু দুৰ্নীতি ইত্যাদি’ উন্মোচন…

ডিজিটেল ডেস্কঃ দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ সভাপতি ধৰ্মকান্দ গগৈৰ 'পদ্মাপাৰৰ বাসিন্দাৰ ৰাজযোগ আৰু দুৰ্নীতি ইত্যাদি' নামৰ এখন গ্ৰন্থ বৃহস্পতিবাৰে উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় এই গ্ৰন্থখন। উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

Advertisment

এই গ্ৰন্থখনৰ বিষয়বস্তু সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিযোগে ধৰ্মকান্ত গগৈয়ে লিখিছে- 'এই পুথিখনৰ জৰিয়তে মোৰ দৃষ্টিত ধৰা পৰা অসম আৰু অসমীয়া জাতিৰ ওপৰত বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ আৰু অগপ দলে কৰা অন্যায়-অবিচাৰ-জাতিধ্বংসী কাৰ্যকলাপৰ বিষয়ে এটা সুক্ষ্ম বিশ্লেষণ দিবলৈ প্ৰয়াস কৰা হৈছে।'

লগতে তেওঁ এই বিবৃতিত লিখিছে- '২৫ বছৰীয়া অসম আন্দোলন আৰু ৮৫৫জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠন হোৱা অসম গণ পৰিষদে মাত্ৰ দুজন নেতা ধনী হোৱাৰ স্বাৰ্থৰ বিনিময়ত ৩৫ লক্ষ হিন্দু বাংলাদেশীৰ বোজা মানি লৈ অসমীয়া জাতিটোক নিৰ্লজভাৱে বিক্ৰী কৰি দিলে। দুখৰ কথা এই নেতা কেইজনে এইবাৰো নিৰ্বাচনত অৱতীৰ্ণ হৈ অসমীয়াৰ ভোটত জিকি পুনৰ অসমীয়াক বিক্ৰী কৰাৰ সপোন দেখিছে।'