/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
গুৱাহাটী মহানগৰীত এজন যুকৰ ৰহস্যজনক মৃত্যু।
৮ জুনৰ সন্ধিয়া গুৱাহাটী নৱীন নগৰৰ এটা ঘৰৰ চৌহদত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।
নৱীন নগৰ বিষ্ণু পথৰ ঘৰ নং ২ ত উদ্ধাৰ হোৱা মৃত যুৱকজনৰ নাম ৰঞ্জিত কাকতি।
পিতৃ-মাতৃ অৰুণাচলত কৰ্মৰত।
চানমাৰীতো আছিল পৰিয়ালটোৰ এটা ভাড়াঘৰ।
৮ জুনৰ সন্ধিয়া কোনো ব্যক্তিয়ে ফোন কৰি মতা বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ ।
তাৰপাছতে সন্ধিয়া ৭.৪৫ বজাত এজন লোকে ফোন কৰি জনাইছিল যুৱকজনে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি পানী বিচৰা বুলি।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি যুৱকজনৰ মোবাইলৰ কল ডিটেইলছ ৰহস্যজনকভাৱে ডিলিট কৰা হৈছে।
মৃত যুৱকজনৰ পিতৃ বুদেন কাকতি।
বৰ্তমান জি এম চি এইচৰ মৰ্গত আছে মৃতদেহটো।
গীতানগৰ আৰক্ষী থানাৰ তদন্ত অব্যাহত।