/asomiyapratidin/media/media_files/2025/03/15/bjDSP3VZ3RAVEgjbQNdc.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ঋতম সিঙক আজি গুৱাহাটীৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে যুদ্ধ সদৃশ এক পৰিস্থিতিৰ মাজেৰে গ্ৰেপ্তাৰ কৰে। লখিমপুৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত লখিমপুৰৰ পৰা অহা এটা আৰক্ষীৰ দলে পল্টন বজাৰ আৰক্ষীৰ সহযোগত ঋতমক তেওঁৰ উলুবাৰীস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।
অভিযোগ অনুসৰি কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ প্ৰসংগত কিছু আপত্তিজনক মন্তব্য কৰিছিল। তাৰ পাছতেই মানৱ ডেকাৰ পত্নীৰ পৰিয়ালে ঋতম সিঙৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী থানাত ৯১/২০২৫ নম্বৰত ৰুজু কৰে এক গোচৰ।
এই গোচৰতে তেওঁক আইনৰ U/S-356(2) of BNS R/W Sec 67 IT Act, 2000 R/W Sec 3(1) (r)/3(1)(s)/3(1)(u)/3(1)(v) of SC/ST Act, 1989 ধাৰাত আজি গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে ঋতম সিঙক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ বাসগৃহত আৰক্ষী প্ৰবেশ কৰাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
কংগ্ৰেছ কৰ্মীসকলে সাংসদ গৌৰৱ গগৈৰ সৈতে ঋতম সিঙক কিয় গ্ৰেপ্তাৰ কৰিবলৈ আহিছে সেই বিষয়ে নানান প্ৰশ্ন কৰি তেওঁৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে। অৱশ্যে তাৰ মাজতে আৰক্ষীয়ে ঋতম সিঙক তেওঁৰ বাসগৃহৰ পৰাই চোচৰাই টানি লৈ যায়।
অভিযোগ অনুসৰি কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে এক্স হেণ্ডেলত ১৩ মাৰ্চ, ২০২৫ ত বিধায়ক মানৱ ডেকাক বশিষ্ঠ আৰক্ষী থানাৰ এটা গোচৰৰ কথা সোঁৱৰাই তেওঁক ধৰ্ষণকাৰী আখ্যা দিছিল। তাৰোপৰি তেওঁ বিধায়ক হৈ থকাৰ আঁৰত তেওঁৰ টেক্স কমিছনাৰ শহুৰ বুলিও উল্লেখ কৰিছিল।
বিধায়কগৰাকীক এইদৰে এক্স হেণ্ডেলত আক্ৰমণ কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ। সেই গোচৰৰ ভিত্তিতে আজি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
The @assampolice are threatening force and entry. When I have repeatedly stated that I want to see the Notice or Search Warrant under BNS
— Reetam Singh (@SinghReetam) March 15, 2025
Let these tweets be evidence that I had notified @lakhimpurpolice @DGPAssamPolice of the High Court Order dated 07.03.2025 pic.twitter.com/xyNZi7oJeS
More Police are here. No one is saying a word as to why I need to be taken away by Lakhimpur Police. I am a Lawyer. Where will I run away? Why such harassment and pressure on an Officer of Court?@HardiSpeaks @DGPAssamPolice give me Notice and I will comply wherever to come for… pic.twitter.com/mzczAsCBjF
— Reetam Singh (@SinghReetam) March 15, 2025
ইফালে সাংসদ গৌৰৱ গগৈ ঋতম সিঙৰ বাসগৃহত উপস্থিত হৈ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সমালোচনা কৰে। অসম আৰক্ষীকো তেওঁলোকৰ দায়িত্ব সোঁৱৰাই দিয়ে।
সাংসদগৰাকীয়ে অসম আৰক্ষীৰ জোৱান, বিষয়াক আক্ৰমণ কৰা ৰূপহীৰ বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা আৰক্ষীয়ে টুইট কৰিলেই মানুহ গ্ৰেপ্তাৰ কৰে বুলিও কয়। তেওঁ আৰক্ষীক তেওঁলোকৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ আৰু কেৰিয়াৰত ডাগ নলগাবলৈ আহ্বান জনায়। তেওঁ কয় হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা, মানৱ ডেকাই যি ক’ব সেয়াই আৰক্ষীয়ে কৰিবলৈ তেওঁলোক ভগৱান নহয়।
তাৰোপৰি এক্স হেণ্ডেলত গৌৰৱ গগৈয়ে লিখিছে লখিমপুৰ আৰক্ষীৰ এটা দলে কংগ্ৰেছৰ মুখপাত্ৰ ঋতম সিঙক জিম্মাত লোৱাৰ বাবে গুৱাহাটীলৈ আহিছে। যেতিয়া মই তেওঁৰ বাসগৃহলৈ গ’লোঁ, তেতিয়া মই দেখোঁ যে কেনেদৰে তেওঁক নিৰ্মমভাৱে টানি লৈ যোৱা হৈছে আৰু মোক তেওঁক লগ কৰিবলৈয়ো দিয়া নহ’ল।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বৰ্তমান অসমত আছে আৰু তেওঁ এখন আৰক্ষী একাডেমী উদ্বোধন কৰিছে। মই তেওঁক সুধিব বিচাৰোঁ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আৰক্ষীক কৰা অপব্যৱহাৰৰ বিষয়ে জানে নে? গৃহমন্ত্ৰী অমিত শ্বাহে জানেনে কেইদিনমানৰ আগতে বিজেপিৰ দুৰ্বৃত্তই দুজন অসম আৰক্ষী কনিষ্টবলক দিনদুপৰতে নির্মমভাৱে প্ৰহাৰ কৰিছিল আৰু এতিয়াও তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই?
তেওঁ অভিযোগ কৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষীক বেআইনী কাৰ্যকলাপ কৰিবলৈ বাধ্য কৰিছে। ৰাজনৈতিক স্বার্থৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক ব্যৱহাৰ কৰাৰো অভিযোগ কৰে সাংসদগৰাকীয়ে।
A team of Lakhimpur police have come to Guwahati to take custody of Congress spokesperson @SinghReetam . When I went to his residence I saw how he was brutally dragged away and was not allowed to speak to me.
— Gaurav Gogoi (@GauravGogoiAsm) March 15, 2025
Home Minister Amit Shah is in Assam inaugurating a police academy. I…