চিন্মায়া মিছনৰ উদ্যোগত অনুষ্ঠিত পাঁচদিনীয়া ৰেইনবো শিবিৰৰ সফল সমাপ্তি...

আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত এক অধিবেশন অনুষ্ঠিত হোৱা লগতে গীত-মাত,আবৃত্তি আৰু বিভিন্ন খেলা-ধূলাৰো আয়োজন কৰে। শিশু সকলে উল্লেখিত ক্ৰিয়াকলাপত অংশ লৈ আনন্দিত হৈ পৰে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-06 at 8.05.25 PM

ডিজিটেল সংবাদ, গুৱাহাটীঃ  চিন্মায়া মিছনৰ গুৱাহাটী শাখাই ২ জুলাইৰ পৰা ৬ জুলাই, ২০২৫ লৈকে গুৱাহাটীৰ ছয়মাইলস্থিত চিন্মায়া মিছন প্ৰাংগণত অনুষ্ঠিত কৰা বিশেষ গ্ৰীষ্মকালীন শিবিৰ ‘ৰেইনবো শিবিৰ’ৰ আজি সফল সামৰণি পৰে।

ড০ গৌতম চৌধৰীৰ ধ্যানৰ অনুষ্ঠানেৰে আৰম্ভ হয় পঞ্চম দিনটোৰ কাৰ্যসূচী। পাছলৈ আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত এক অধিবেশন অনুষ্ঠিত হোৱা লগতে গীত-মাত,আবৃত্তি আৰু বিভিন্ন খেলা-ধূলাৰো আয়োজন কৰে। শিশু সকলে উল্লেখিত ক্ৰিয়াকলাপত অংশ লৈ আনন্দিত হৈ পৰে। 

৩ বজাৰ লগে লগে শিবিৰৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ব্ৰহ্মচাৰিনী অনন্য চৈতন্যৰ, কা হৰি সিং, শ্ৰীমতী আশালতা, ড° সুব্ৰত ভট্টাচাৰ্জী আৰু বিষ্ণু গোস্বামীয়ে। ব্ৰহ্মচাৰিনী অনন্য চৈতন্যই অতিথিসকলক সম্বৰ্ধনা জনাই লগতে তেওঁলোকে ল'ৰা-ছোৱালীৰ মাজত প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰে।

ব্ৰহ্মচাৰিনী অনন্য চৈতন্য তেওঁৰ ভাষণত কয় যে, এই চিন্মায়া মিছন ৰেইনবো শিবিৰৰ জৰিয়তে শিশুসকলে  আহৰণ কৰা মূল্যবোধ, গুণ আৰু দক্ষতাৰ নীতিসমূহে দীৰ্ঘম্যাদীভাৱে তেওঁলোকক সহায় কৰিব।

উল্লেখ্য যে, চিন্মায়া মিছনে বছৰ বছৰ ধৰি চিন্মায়া কেন্দ্ৰ চৌহদত ৰেইনবো গ্ৰীষ্মকালীন শিবিৰ, বাল বিহাৰ অধিবেশন, দেওবাৰে কলা অধিবেশন আৰু শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে যোগ অধিবেশন অনুষ্ঠিত কৰি আহিছে।

গ্ৰীষ্মকালীন শিবিৰ